নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুটিয়ে খাব নিবিচাৰে, জোৰকৈ খুৱায় নেকি…

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ ঘৰে ঘৰে একেই সমস্যা। শিশুটিয়ে খাবলৈ নিবিচাৰে। যাৰ বাবে বিশেষকৈ মাকৰ চিন্তা বাঢ়ে। বহু ঘৰতে ডাঙৰে পৰামর্শ দিয়ে যে শিশুটিক জোৰকৈ খুৱাব নালাগে। ক’ৰবাত আকৌ ওলোটা, নাখালেও জোৰকৈ খুৱাব লাগে শিশুটিক। কিন্তু কোনো শিশুক জোৰকৈ খুওৱা কি ভালনে?

১) শিশুটিক জোৰকৈ খুৱালে সিঁহতে ভালকৈ সেই খাদ্য নোচোবায়। ঘপকৈ গিলি থোৱাৰ প্রৱণতাই দেখা দিয়ে। সেই খাদ্য ডিঙিত লাগি বমি হোৱাৰ আশংকা থাকে।

২) খাদ্য ভালকৈ চোবাই নাখালে সেই খাদ্যৰ পুষ্টিগুণো নাপায় শৰীৰে। অর্থাৎ, জোৰকৈ খুৱাই লাভ নাই।

৩) খাদ্য ভালকৈ চোবাই নাখালে হজমো ভালকৈ নহয়। ফলত হজমৰ গোলমাল দেখা দিব পাৰে।

৪) শিশুটিয়ে খাবলৈ নিবিচাৰে মানে তেওঁলোকক তেতিয়া খোৱাৰ প্রয়োজন নাই। তেনে সময়ত যদি জোৰকৈ খুওৱা হয়, তেতিয়া শৰীৰত অতিৰিক্ত খাদ্য প্রবেশ কৰে। গতিকে ওজন বেছি বাঢ়ি যাব পাৰে। সদায়ে এনেদৰে খুৱালে অকাৰণত বেছি খোৱাৰ অভ্যাস গঢ়ি উঠিব পাৰে।

৫) সকলোতকৈ বেছি আন এটি সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে। সদায়ে জোৰ কৰিলে খোৱাৰ প্রতি অনীহা বাঢ়ে শিশুটিৰ।

You might also like