নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ OSD হিচাপে হেমন্ত চৌধুৰীক পুনৰ নিযুক্তি 

মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছে। অসম সচিবালয়ে জাৰি কৰা এক চৰকাৰী জাননীত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী গৱেষণা বিষয়া হেমন্ত চৌধুৰীক পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

বিগত দুটা দশক ধৰি বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অতি বিশ্বস্ত সহযোগী হিচাপে কৰ্মৰত হেমন্ত চৌধুৰীক পুনৰ বাৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিয়ষা হিচাপে নিযুক্তি দিয়াত জালুকবাৰী তথা বেজেৰা অঞ্চলত উচাহৰ বন্যা বলিছে।

ছাত্ৰৱস্থাৰে পৰা বিশেষ মেধাৰ পৰিছয় ডাঙি ধৰিবলৈ সক্ষম হোৱা হেমন্ত চৌধুৰীয়ে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ প্ৰতিটো জনকল্যাণমুলক কাম কাজ অতি সুচাৰুৰূপে সমাপন কৰিবলৈ সক্ষম হৈছিল।

অকল সেয়াই নহয় বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ অতি ব্যাস্ততাপুণৰ্ণ সংসদীয় ৰাজনৈতিক জীৱনৰ আৰম্ভণীৰে পৰা হেমন্ত চৌধুৰীয়ে সমষ্টি উন্নয়ণকে সামৰি বিভিন্ন দিশত অতি বিশ্বস্যতাৰে সহযোগীতা আগবঢ়াই আহিছিল। যাৰ বাবে মুখ্যমন্ত্ৰীজনে নিজ সমষ্টিৰ উন্নয়ণৰ প্ৰতিটো দিশ নিয়াৰিকৈ ৰূপায়ণৰ দায়িত্ব হেমন্ত চৌধুৰীৰ হাতত গটাই নিজে সমগ্ৰ ৰাজ্যৰ উন্নয়ণৰ দিশত মনোনিবেশ কৰাৰ সুযোগ লাভ কৰিছিল।

বিগত সময়ছোৱাত তেওঁ যি দক্ষতা আৰু সৰলতাৰে জনসাধাৰণ তথা প্ৰশাসনৰ মাজত এক বলিষ্ঠ সেতুৰ দৰে কাম কৰি আহিছে তাৰ বাবে তেওঁলৈ কেইবাজনে শুভেচ্ছা জনায়। কামৰূপ জিলাৰ বেজেৰা নিবাসী প্ৰয়াত ধৈৰ্য নাথ চৌধুৰী আৰু মাতৃ উৰ্ব্বশী চৌধুৰীৰ পুত্ৰ হেমন্ত চৌধুৰীয়ে পুনৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্ত লাভ কৰি তেওঁ নিজৰ কৰ্মনিষ্ঠা আৰু যোগ্যতাৰ বলত এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি সমগ্ৰ জন্ম গাঁও তথা বেজেৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

নিয়মীয়া বাৰ্তা, বেজেৰা, ১৭ মে’

You might also like