নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মে’ৰ ভিতৰত জিএমচিক শপতনামা দাখিলৰ নির্দেশ

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ মহানগৰীৰ ফাঁচী বজাৰত অলপতে গুৱাহাটী পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযানক লৈ পদপথ ব্যৱসায়ীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে আজি এই সন্দর্ভত ৰায়দান কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰি অহা তিনি মে’ৰ ভিতৰত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক এই সন্দর্ভত শপতনামা দাখিল কৰাৰ নির্দেশ দিয়ে৷ তদুপৰি অহা ৫ মে’ত এই গোচৰৰ পৰৱর্তী শুনানি গ্রহণ কৰা পর্যন্ত স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে যোৱা ১২ এপ্রিলত ফাঁচী বজাৰৰ এম এছ ৰোডত থকা ডেৰ শতাধিক দোকান–পোহাৰ পৌৰ নিগমে উচ্ছেদ কৰিছিল৷ পিছত ভুক্তভোগী পদপথ ব্যৱসায়ীসকলে এই উচ্ছেদ কার্যক বে–আইনী বুলি দাবী কৰাৰ লগতে ঘটনা সন্দর্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপে৷ ভুক্তভোগী ব্যৱসায়ীৰ আবেদনৰ ভিত্তিত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি অহা ৩ মে’ৰ ভিতৰত জিএমচি কর্তৃপক্ষক শপতনামা দাখিলৰ নির্দেশ দিয়ে৷

You might also like