নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছবিটিত হিট এণ্ড ৰান… নিহত পথচাৰীৰ পৰিচয় বৰ্তমানেও অজ্ঞাত

গুৱাহাটী মহানগৰীৰ আইএছবিটিত সংঘটিত হৈছে এক শোকাৱহ হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত এখন বাহনে পথচাৰীক মহটিয়াই লৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পথচাৰীগৰাকীৰ মৃতদেহৰ অংশ চিন্নভিন্ন হৈ পথৰ ওপৰতে ছিটিকি পৰে।

ঘটনাৰ খবৰ পাই তৎক্ষণাত গড়চুক যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণত লয়। দুৰ্ঘটনাত নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে নিশাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাত জড়িত বাহনখন চিনাক্ত কৰাৰ চেষ্টা চলাই আছে।

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী

You might also like