নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাইঘুলিত ৰঙা মাটিৰ অবৈধ বেহাঃ নির্লিপ্ত বন বিভাগ

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ মহানগৰীৰ বিভিন্ন পাহাৰত চলিছে অবৈধ খনন৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বন বিষয়া–আৰক্ষীক মেনেজ কৰি পাহাৰৰ ৰঙা মাটি খনন কৰি আহিছে৷

বিশেষকৈ মহানগৰীৰ সোণাইঘুলি অঞ্চলত অবাধে চলিছে ৰঙা মাটিৰ অবৈধ বেহা৷ খৰালিৰ আগমনৰ লগে লগে অসাধু ব্যৱসায়ীসকলে দিনে–নিশাই জেচিবি আৰু ডাম্পাৰেৰে পাহাৰৰ মাটি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পাছতো আৰক্ষী–প্রশাসন তথা বন বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

বন বিভাগৰ কার্যালয়ৰ সন্মুখতে অসাধু ব্যৱসায়ীসকলে ৰঙা মাটি দ’মাই থোৱাৰ পাছতো বন বিষয়াসকলে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ নিশাৰ ভাগত অসাধু ব্যৱসায়ীসকলে মহানগৰীৰ বিভিন্ন প্রান্তৰ পাহাৰৰ মাটি খনন কৰি কাহিলিপাৰাৰ দক্ষিণগাঁও, সোণাইঘুলি আৰু ওদালবাক্রা অঞ্চলত বিক্রী কৰি আহিছে৷

উল্লেখ্য যে ভূমিস্খলনৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসন আৰু দুর্যোগ প্রশমন কর্তৃপক্ষই বিনা অনুমতিত পাহাৰ খনন নিষিদ্ধ কৰিছে৷ জিলা প্রশাসন আৰু ৰাজহ বিষয়াৰ কার্যালয়ৰ বিনা অনুমতিত মহানগৰীৰ পাহাৰত কিদৰে অসাধু ব্যৱসায়ীসকলে খনন কার্য চলাই আছে সেয়া এক সাঁথৰ৷

You might also like