নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাট–তামুলীকুছি১৫টা চুলাইৰ ভাতী উচ্ছেদ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহত একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ সুৰাৰ ঘাটি স্থাপন কৰি যুৱপ্রজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ ৰাজ্যত চুলাই আৰু সুৰাৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে চৰকাৰৰ নির্দেশমর্মে আবকাৰী বিভাগে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ অবৈধ দেশী–বিদেশী সুৰাবিৰোধী অভিযানৰ অংশ হিচাপে কামৰূপ সদৰৰ আবকাৰী বিভাগেও অভিযান তীব্রতৰ কৰি তুলিছে৷ বিগত চাৰি মাহ ধৰি কামৰূপ সদৰ আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই দেশী–বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই শতাধিক লোকক গ্রেপ্তাৰ কৰাৰ লগতে অর্ধশতাধিক চুলাইৰ ভাতী উচ্ছেদ কৰিছে৷

শুকুৰবাৰে কামৰূপ সদৰ আবকাৰী বিভাগৰ এটা দলে মহানগৰীৰ যোৰাবাট আৰু অসম–মেঘালয় সীমান্তৰ তামুলীকুছিত অভিযান চলাই কেইবাটাও চুলাই প্রস্তুত কৰা ভাতী উচ্ছেদ কৰে৷ আবকাৰী বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, সোণাপুৰ থানা আৰু যোৰাবাট আৰক্ষী চকীৰ সহযোগত চলোৱা অভিযানত ১৫টা চুলাই প্রস্তুত কৰা ভাতী ধ্বংস কৰা হয়৷ অৱশ্যে অভিযানৰ উমান পাই চুলাই প্রস্তুত কার্যত জডিত লোকসকলে কৌশলেৰে পলাই যাবলৈ সক্ষম হয়৷ আনহাতে, অভিযানকাৰী দলটোৱে ভাতীৰ পৰা চুলাই প্রস্তুত কার্যত ব্যৱহূত প্রায় ৯,৫০০ লিটাৰ পাছ আৰু ১৫টা বাচন–বর্তন, ৩০টা প্লাষ্টিকৰ ড্রাম, ৭৫ লিটাৰৰো অধিক চুলাই জব্দ কৰে৷

You might also like