নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথাকথিত ছাত্রনেতা আখতাৰ হুছেইনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকা তথাকথিত ছাত্রনেতা আখতাৰ হুছেইনক কালি সোণাপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সোণাপুৰ থানাত ৰুজু হোৱা ৬৬৪/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে আখতাৰক কালি টোলগেটৰ সমীপৰ পৰা গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে অসম সংগ্রামী যুৱ ছাত্র সন্থা নামৰ এটা স্বল্পখ্যাত সংগঠনৰ সভাপতি আখতাৰ হুছেইনে দীর্ঘদিন ধৰি চোৰাং গো সৰবৰাহকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপত জড়িত হৈ আছিল৷ আখতাৰৰ বিৰুদ্ধে সোণাপুৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা পলাতক হৈ আছিল৷ কালি তথাকথিত ছাত্রনেতা আখতাৰক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷

You might also like