নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত চালক–হেণ্ডিমেনক ভেকচিন প্রদান

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বৃহস্পতিবাৰে পৰা মহানগৰীত আৰম্ভ হৈছে চিটীবাছ, মেজিক, টেম্পো চালকৰ মাজত ক’ভিড ভেকচিন প্রদান কার্যসূচী৷ খানাপাৰাত  প্রথম দিনাই ৪ শতাধিক চালক, হেণ্ডিমেনক প্রদান কৰা হয় ভেকচিন৷ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই ভেকচিন প্রদানৰ কার্যসূচী৷ পৰৱর্তী সময়ত নুনমাটি, মালিগাঁও, চানমাৰি, ভৰলু আদি অঞ্চলত চালক–হেণ্ডিমেনসক প্রদান কৰা হ’ব ভেকচিন৷

চালক–হেণ্ডিমেনসক সুৰক্ষিত হৈ থাকিলেহে যাত্রী সুৰক্ষিত থাকিব– এই বাণীৰে ভেকচিন প্রদানৰ কার্যসূচী ৰূপায়ণ কৰে স্বাস্থ্য বিভাগ আৰু পৰিবহণ বিভাগে৷ উল্লেখ্য যে এই ভেকচিন প্রদান কার্যসুচীত অংশগ্রহণ কৰে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, পৰিবহণ বিষয়া (এনফ’চমেণ্ট) হিমাংশু দাসৰ লগতে স্বাস্থ্য বিভাগৰ এটা সঁজাতী দল৷

You might also like