নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময়ৰ দাপোণত এজন আৰক্ষী

-উপেন্দ্রনাথ কলিতা

সুদীর্ঘ ৩৬ বছৰৰো অধিক কাল আৰক্ষী সেৱাত জড়িত থাকি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধানৰ দৰে গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ লেখক আই পি এছ ফটিক দত্ত গোস্বামীৰ ‘সময়ৰ দাপোণত এজন আৰক্ষী’ গ্রন্থখন পঢ়াৰ সৌভাগ্য হ’ল৷ গ্রন্থখনৰ পাতনিতে প্রবীণ সাংবাদিক কনকসেন ডেকাই উল্লেখ কৰিছে– ‘গ্রন্থখনিক এজন আৰক্ষীৰ সময়ৰ দাপোণ বুলি কোৱা হৈছে যদিও আন ভালেমান প্রাসংগিক দিশো অন্তর্ভুক্ত হৈছে৷ সেইদৰে অসম আৰক্ষীৰ প্রাক্তন সঞ্চালকপ্রধান নিশিনাথ চাংকাকতিয়ে শুভেচ্ছামূলক দু–আষাৰত গ্রন্থখনৰ বেছিভাগ প্রবন্ধ যদিও আৰক্ষীৰ কাম–কাজ সম্বন্ধীয়, গ্রন্থখনত কেইবাটাও মূল্যৱান আন বিষয়ৰ প্রবন্ধও থকাৰ উল্লেখ কৰি ‘সত্র সুৰক্ষা বাহিনী’ আৰু ‘সাঁচিপাত’ শীর্ষক প্রবন্ধলৈ আঙুলিয়াইছে৷ গ্রন্থখনত লেখকে ‘ক’ৰোনাৰ যুঁজত আৰক্ষী’ কবিতাৰে আলোচনাৰ পাতনি মেলিছে৷ মানৱ অধিকাৰ বিষয়ত সর্বাধিক গুৰুত্ব আৰোপ কৰি ‘বিশ্ব মানৱ অধিকাৰ দিৱস আৰু মানৱীয় অধিকাৰ সমূহৰ বিশ্বজনীন ঘোষণা, আৰক্ষীৰ মানৱ অধিকাৰ, আৰক্ষী আৰু মানৱ অধিকাৰৰ বিষয়সমূহ’ আদি প্রবন্ধত মানৱ অধিকাৰ প্রসংগত যুক্তিনির্ভৰ মনোগ্রাহী আলোচনা আগবঢ়াইছে৷
আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক কেনে হোৱা উচিত সেই সম্পর্কে লেখকৰ অভিজ্ঞতালব্ধ বিশ্লেষণ আগবঢ়াইছে ‘আৰক্ষী থানা, আৰক্ষীৰ জনসম্পর্ক, আৰক্ষীৰ আচৰণ, আৰু জনসাধাৰণৰ প্রতি আৰক্ষীৰ আচৰণ’ আদি প্রবন্ধসমূহত৷ ভাৰতৰ আৰক্ষী ব্যৱস্থাৰ বিস্তৃত আলোচনাৰে ‘আৰক্ষীৰ থার্ড ডিগ্রী, আৰক্ষীৰ কম্পিউটাৰ প্রযুক্তিৰ প্রয়োগ সম্পর্কে উল্লেখ কৰি’ ভুক্তভোগীৰ মনস্তাত্ত্বিক ভৱিষ্যৎ ক্ষতিগ্রস্তৰ মনস্তাত্ত্বিক অনাগত ভৱিষ্য’ সম্পর্কেও সুন্দৰ–সাৱলীল বিশ্লেষণ আগবঢ়াইছে৷ বিশ্বৰ বিবেকৰূপে ৰাষ্ট্রসংঘৰ ভূমিকাৰ বিষয়ে আলোচনা কৰি, সাংবাদিকতাক এক সাধনাসাপেক্ষ বৃত্তি ৰূপে অভিহিত কৰি পাৰমাণৱিক যুদ্ধৰ ব্যয়বহুল প্রতিৰোধ বিষয়টো গ্রন্থখনত লেখকে তত্ত্বগধুৰ বর্ণনা কৰিছে৷ ‘মুক্ত নাৰী,’ ‘লাচিত দিৱস’ আদি প্রবন্ধক লেখকে নিজস্ব মতামত আগবঢ়াই যুক্তিনির্ভৰ পথ–নির্দেশনা দিবলৈ সক্ষম হৈছে৷
বিভিন্ন কাকত–আলোচনীত প্রকাশিত লেখকৰ নির্বাচিত প্রবন্ধৰ এই গ্রন্থখনে লেখকৰ বৌদ্ধিক চিন্তাৰ স্বাক্ষৰ বহন কৰিছে৷ আমাৰ আশা, ঐতিহ্যমণ্ডিত ন–গোসাঁই বংশৰ এগৰাকী অন্যতম সু–সন্তান, বর্ণময় ব্যক্তিত্বৰ অধিকাৰী লেখকৰ এইখন গ্রন্থই নিশ্চিতভাৱে পাঠকৰ সমাদৰ লাভ কৰিব৷ সুন্দৰ ছপা–বন্ধাৰে গ্রন্থখন প্রকাশ কৰিছে গুৱাহাটীৰ ব্রহ্ম বুক্ছে৷ গ্রন্থখনৰ মূল্য ২০০ টকা৷ প্রকাশকাল জানুাৰী, ২০২১৷

You might also like