নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখৰাত মীৰা বৰঠাকুৰৰ নির্বাচনী কার্যালয় মুকলি

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে বুধবাৰে সমষ্টিটোৰ বিভিন্ন অঞ্চলত নির্বাচনী প্রচাৰ চলোৱাৰ লগতে কেইবাটাও নির্বাচনী কার্যালয় মুকলি কৰে৷ মহাজোঁটৰ সমষ্টিত প্রার্থীগৰাকীয়ে নির্বাচনী সভাত ভাষণ প্রদান কৰি মিত্রজোঁটৰ অগপ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাক সমালোচনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে সমষ্টি উন্নয়নৰ ব্যর্থতাৰ অভিযোগ তুলি সমাগত নির্বাচনত ৰাজ্যত কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন কৰাৰ বাবে কংগ্রেছ দলক ভোটদানৰ আহ্বান জনায়৷ নিজ সমর্থকক লগত লৈ আজি মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰে গড়ভাঙা, ছাগলপাৰা, নালাপাৰা, বেহাৰবাৰী, দেওহাল চুবুৰিত কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰে৷ তদুপৰি লখৰাত এটা নির্বাচনী কার্যালয় মুকলি কৰাৰ লগতে লখৰা বজাৰ সমিতিৰ লগত এখন পথ সভাত মত বিনিময় কৰে৷

You might also like