নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাশিলত স্পা–পার্লাৰৰ মালিক–কর্মচাৰীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ মহানগৰীৰ বিভিন্ন প্রান্তত থকা বিউটি পার্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা, ইউনিছেক্স পার্লাৰ সন্দর্ভত অলপতে পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জাৰি কৰা নতুন নির্দেশনাক লৈ উক্ত প্রতিষ্ঠানবোৰৰ স্বত্বাধিকাৰী–কর্মচা মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ স্পা আৰু ইউনিছেক্স পার্লাৰত পুৰুষক মহিলা কর্মচাৰীয়ে থেৰাপী বা মালিচ দিব নোৱাৰাৰ লগতে স্পা–ইউনিছেক্স পার্লাৰত আছুতীয়া কোঠা থাকিব নোৱাৰিব বুলি পৌৰ আয়ুক্তই নির্দেশনা জাৰি কৰাক লৈ কর্মীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

মঙলবাৰে লতাশিল খেলপথাৰত স্পা–পার্লাৰ আৰু হেয়াৰ কাটিং চেলুনৰ স্বত্বাধিকাৰীৰ লগতে শতাধিক কর্মচাৰী যুৱতী–মহিলা সমৱেত হৈ এইক্ষেত্রত চৰকাৰক বিহিত ব্যৱস্থা গ্রহণৰ দাবীত প্রতিবাদ কৰে৷ গুৱাহাটীৰ স্পা–পার্লাৰ আৰু ইউনিছেক্স পার্লাৰত অনৈতিক কার্যকলাপ চলাৰ অভিযোগৰ ভিত্তিত পৌৰ আয়ুক্তই এই সিদ্ধান্ত লোৱা নীতি বহির্ভূত বুলি উল্লেখ কৰে একাংশ স্পা–পার্লাৰৰ স্বত্বাধিকাৰীয়ে৷ অৱশ্যে যিসমূহ স্পাত অনৈতিক কাম চলি আছে সেইসমূহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্রহণ কৰাত কোনো আপত্তি নাই বুলি সমৱেত মহিলা–যুৱতীসকলে উল্লেখ কৰে৷ গুৱাহাটীৰ স্পা–ইউনিছেক্স পার্লাৰৰ ব্যৱসায়িক অনুজ্ঞাপত্রৰ ক্ষেত্রত পৌৰ নিগমৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে লাখ টকাপর্যন্ত সংগ্রহ কৰা বুলি অভিযোগ কৰে৷ পার্লাৰ–স্পাত চলিবলগীয়া কাম সন্দর্ভত সকলো কথা উল্লেখ থকাৰ পাছতো উৎকোচ লৈ কিয় পৌৰ নিগমে ব্যৱসায়িক অনুজ্ঞাপত্র দিলে বুলিও প্রতিবাদী মহিলা–যুৱতীসকলে প্রশ্ণ উত্থাপন কৰে৷

পৌৰ আয়ুক্তৰ নির্দেশ অনুসৰি স্পা–চেলুনত আছুতীয়া কোঠা নাথাকিলে মহিলা গ্রাহকে কেনেকৈ সুৰক্ষিত অনুভৱ কৰিব বুলিও কয় স্পাৰ প্রতিবাদী স্বত্বাধিকাৰী আৰু কর্মচাৰীয়ে৷ তাতোকৈ গুৰুত্বপূর্ণ কথা হ’ল যে মহিলা কর্মচাৰীয়ে যদি পুৰুষৰ মাছাছ দিব নোৱাৰে তেন্তে স্পা–পার্লাৰত প্রশিক্ষণপ্রাপ্ত কর্মচাৰীৰ অভাৱত এনেই বন্ধ হৈ পৰিব৷ কাৰণ কোনো স্পা অথবা ইউনিছেক্স চেলুনত সাধাৰণতে প্রশিক্ষণপ্রাপ্ত পুৰুষ বা যুৱকে কাম কৰা দেখা নাযায়৷ পার্লাৰত কাম কৰিলেই যুৱতী মহিলাসকল কি যুক্তিত বেয়া হ’ব পাৰে বুলি লতাশিলৰ সমৱেত স্পাৰ স্বত্বাধিকাৰীসকলে প্রশ্ণ উত্থাপন কৰে৷ যদিহে স্পা–চেলুন আৰু ইউনিছেক্স পার্লাৰৰ ক্ষেত্রত পৌৰ নিগমে এনে হঠকাৰী সিদ্ধান্ত গ্রহণ কৰিব পাৰে তেন্তে গুৱাহাটীতে চলি থকা ইউনিছেক্স জীমখানাও বন্ধ কৰিব লাগিব বুলি সমৱেত প্রতিবাদী মহিলা–যুৱতীয়ে দাবী জনায়৷ পৌৰ নিগমৰ এই সিদ্ধান্তৰ পাছত গুৱাহাটীৰ স্পা–ইউনিছেক্স পার্লাৰত কাম কৰা শ শ যুৱতীৰ লগতে লাখ লাখ টকা খৰচ কৰি ব্যৱসায় আৰম্ভ কৰা মহিলাসকল সংস্থাপন হেৰুৱাৰ শংকাত ভুগিছে৷ সেয়েহে ৰাজ্য চৰকাৰক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷

You might also like