নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ধাবাত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

কামৰূপ সদৰ আবকাৰী–আৰক্ষী বিষয়াৰ পৃষ্ঠপোষকতা

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ আবকাৰী বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে৷ কামৰূপ সদৰ আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়া আৰু আৰক্ষীৰ পৃষ্ঠপোষকতাত গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ গ্রাম্য জিলাৰ প্রতিখন ধাবাতে দীর্ঘদিন ধৰি চলি আহিছে অবৈধ সুৰাৰ বেহা৷ কোটি কোটি টকাৰ কৰফাঁকিৰে বছৰৰ পিছত বছৰ ধৰি মহানগৰী আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহত থকা ধাবাত অবৈধ সুৰাৰ বেহা চলি থকাৰ বাবে একাংশ উচ্ছৃংখল যুৱক–যুৱতীয়ে সুৰাৰ ৰাগিত মাতাল হৈ ৰাজহুৱা স্থানত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উপৰি থানাৰ ভিতৰতে অশ্লীল গালি–গালাজ কৰি উদ্ভণ্ডালি কৰাৰ ঘটনা প্রায়ে সংঘটিত হ’বলৈ ধৰিছে৷ সুৰাৰ ৰাগিত মাতাল হৈ ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীয়ে আঠগৰাকীকৈ শ্রমিকক মহটিয়াই নিয়াৰ ঘটনাক লৈ সর্বত্র চর্চা চলি থকাৰ সময়তে কালি নিশা গড়চুক থানাত হাতত সুৰাৰ বটল লৈ এগৰাকী সুৰামত্ত যুৱতীয়ে উদ্ভণ্ডালি কৰা বিষয়টোৱে আবকাৰী বিভাগ আৰু আৰক্ষী প্রশাসনৰ নিষ্ক্রিয়তাকে উদঙাই দিছে৷

আবকাৰী বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কামৰূপ মহানগৰ জিলা, কামৰূপ গ্রাম্য, নলবাৰী, বৰপেটাকে ধৰি ৰাষ্ট্রীয় ঘাইপথৰ কাষত গঢ়ি উঠা একাংশ ধাবাত বছৰৰ পিছত বছৰ ধৰি মুকলিকৈ অবৈধ সুৰা বিক্রী কৰি আহিছে৷ কামৰূপ মহানগৰ জিলাত দিছাং ৰিজ’টৰ বাহিৰে কোনো এখন ধাবাত সুৰা বিক্রীৰ অনুমতি নাই৷ মহানগৰ জিলাখনত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা ধাবাসমূহত দীর্ঘদিন ধৰি মুকলিকৈ অবৈধ সুৰা বিক্রী কৰি আহিছে৷ কেৱল ধাবাই নহয়, মহানগৰীৰ একাংশ হোটেল আৰু ৰেস্তোৰাঁতো অবৈধ সুৰা বিক্রী কৰি অহাৰ অভিযোগ আছে৷ অভিযোগ অনুসৰি ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা ৯০ শতাংশৰো অধিক ধাবাত অবৈধভাৱে সুৰা বিক্রী কৰি আহিছে৷ কামৰূপ সদৰ আবকাৰী বিভাগৰ অসাধু বিষয়া, স্থানীয় আৰক্ষীক মোটা অংকৰ ধন দি ধাবাসমূহত অবৈধভাৱে সুৰা বিক্রী কৰি অহাৰ বাবেই মহানগৰীত প্রতিদিনেই সুৰাপায়ী যুৱক–যুৱতীয়ে সংঘটিত কৰিছে অবাঞ্ছিত কার্যকলাপ৷ অভিযোগ অনুসৰি ইষ্টার্ন বণ্ডৰ স্বত্বাধিকাৰীকে ধৰি মহানগৰীত কেইবাটাও বণ্ডৰ স্বত্বাধিকাৰীয়ে মহানগৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা ধাবাসমূহত অবৈধ সুৰা যোগান ধৰি আহিছে৷ সুৰা মাফিয়া সিদ্ধার্থ বেনার্জী, প্রদীপ বর্মনৰ পৃষ্ঠপোষকতাত মহানগৰীৰ লগতে ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহত উজানবজাৰৰ অবৈধ সুৰা ব্যৱসায়ী বেলৰ জৰিয়তে ধাবা–হোটেল–ৰেস্তোৰাঁ কৰ ফাঁকিৰে সুৰাৰ যোগান ধৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষই ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা বিষয়টোৱে আবকাৰী বিভাগৰ বিষয়া, আৰক্ষী প্রশাসনৰ সৈতে সুৰা মাফিয়াৰে থকা গোপন মিতিৰালিৰ বিষয়টোকে স্পষ্ট কৰি দিছে৷

You might also like