নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত মৃত্যুদূতৰ ৰূপত চিটীবাছ–ডাম্পাৰ;

শান্তিপুৰত ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু, দুজন আহত

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ যান–বাহন আইন উলংঘাৰে প্রতিদিনে মহানগৰীৰ ৰাজপথত চিটীবাছ আৰু ডাম্পাৰচালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ চিটীবাছ আৰু ডাম্পাৰচালকৰ মইমতালিৰ বাবে মহানগৰীত দিনক–দিনে পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ মহানগৰীৰ ৰাজপথত একাংশ চালকৰ দৌৰাত্ম্যৰ বাবেই মৃত্যুদূতৰ ৰূপত অৱতীর্ণ হৈছে চিটীবাছ আৰু ডাম্পাৰ৷ পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীৰ দুর্বলতাৰ বাবেই আজি পুনৰ শান্তিপুৰ আৰু কালিপুৰত পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ শোকাৱহ পথ দুর্ঘটনা৷ আজি পুৱতি নিশা প্রায় ২.৪০ বজাত শান্তিপুৰ পেট্র’ল পাম্পৰ সন্মুখত বালি কঢ়িওৱা ডাম্পাৰে এ এছ–০১–জে চি–৭৯৪৮ নম্বৰৰ এল্ট’ বাহনখন মহটিয়াই নিয়ে৷ এই ভয়াৱহ পথ দুর্ঘটনাটোত এল্ট’খনৰ তিনি আৰোহীৰ ভিতৰত এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন দুজন আৰোহী সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ মালিগাঁৱৰ পৰা ভৰলুমুখ অভিমুখী এল্ট’ বাহনখনক খুন্দিয়াই বালিভর্তি ডাম্পাৰখনে পলায়ন কৰে৷ দুর্ঘটনাটোত ঘটনাস্থলীতে চালক ধনজিৎ ডেকা (২৪) নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ লগতে যুগান্তজ্যোতি দাস আৰু শৈলেন্দ্র দাস নামৰ যুৱক দুজন গুৰুতৰভাৱে আহত হয়৷ ইফালে, আজি দিনৰ প্রায় ১১.৩০ বজাত কালীপুৰত এখন তীব্রবেগী চিটীবাছৰ খুন্দাত এজন পথচাৰীৰ মৃত্যু হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আদাবাৰীৰ পৰা ভৰলুমুখ অভিমুখে আহি থকা এ এছ–০১– এফ চি–৫৯৮১ নম্বৰৰ তীব্রবেগী চিটীবাছখনে একেদিশেৰে খোজকাঢ়ি গৈ থকা লোকজনক পাছফালৰ পৰা মহটিয়াই নিয়ে৷ গুৰুতৰভাৱে আহত হোৱা লোকজনক ভৰলুমুখ থানাৰ যান–বাহন আৰক্ষীয়ে জি এম চি এইচলৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে৷ ফুল ছার্ট আৰু হাফ ছুৱেটাৰ পৰিহিত প্রায় ৫৫ বছৰীয়া লোকজনৰ পৰিচয় বর্তমানলৈ উদ্ধাৰ হোৱা নাই৷ উল্লেখ্য যে চিটীবাছচালকৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে জিলা পৰিবহণ বিভাগে কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ যাত্রাৰ সময়ত চিটীবাছৰ দুয়োখন দুৱাৰ বন্ধ ৰখা, চিটীবাছত চালকৰ ফটো, যান–বাহন আইন উলংঘা কৰা চিটীবাছৰ বিৰুদ্ধে অভিযোগ দিবলৈ ৬৯০১২–৬৯০০৬, ৬০২৬১–৭৬৭৫৫ এই নম্বৰ দুটা চিটীবাছৰ পাছফালে আঁৰি দিছিল৷ পৰিবহণ বিভাগ আৰু যান–বাহন শাখাৰ আৰক্ষীয়ে চলিত বর্ষৰ প্রথম দুটা মাহত আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই চমক সৃষ্টি কৰিছিল৷ কেৱল চমক সৃষ্টি কৰিয়েই পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে দায়িত্ব সামৰাত পুনৰ মহানগৰীৰ ৰাজপথত আইন উলংঘাৰে একাংশ চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ চালকৰ মইতালি ৰোধৰ বাবে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like