নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত ভয়াৱহ অগ্নিকাণ্ড, জাহ গ’ল ৫০টাৰো অধিক ঘৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ মহানগৰীৰ জালুকবাৰী থানাৰ নিচেই কাষত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জালুকবাৰী উৰণীয়া সেতুৰ কাষত আবেলি প্ৰায় ৪ বজাত সংঘটিত অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় ৫০টাৰো অধিক ঘৰ। এটা ঘৰৰ পৰা সূত্ৰপাত ঘটা অগ্নিকাণ্ডই প্ৰচণ্ড ৰূপ ধাৰণ কৰে প্ৰায় ২০টা চিলিণ্ডাৰৰ বিস্ফোৰণৰ পিছত। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলটোত।

ঘটনাস্থলীলৈ পাণ্ডু, পাণবজাৰ, লখৰা, মিৰ্জা, উত্তৰ গুৱাহাটীৰ পৰা প্ৰায় ১৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহে আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। স্থানীয় লোকৰ ভাষ্য অনুসৰি, এটা বাঁহৰ ঘৰৰ পৰা সূত্ৰপাত হোৱা জুয়ে নিমিষতে ভস্মীভূত কৰে অঞ্চলটো। সম্প্ৰতি স্থানীয় ৰাইজে ক্ষতিগ্ৰস্ত লোকসকলক কম্বল-কাপোৰ প্ৰদান কৰিছে।

You might also like