নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিনি বজাৰলৈপর্যবসিত গণেশগুৰিৰ পদপথ

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: মহানগৰীৰ পদপথত গঢ়ি উঠা অবৈধ দোকান–পোহাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ স্থিতি গ্রহণ কৰি উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে বিভিন্ন স্থানত গঢ়ি উঠিছে অবৈধ বজাৰ৷ অসাধু চক্রই পদপথ দখল কৰি দোকান–পোহাৰ সাজি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ মহানগৰীৰ পদপথত ব্যৱসায় চলোৱাত যান–জঁটৰ লগতে সৌন্দর্যবর্ধনৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ বাবেই জি এম চিয়ে অবৈধ দোকান–পোহাৰ উচ্ছেদ কৰিছে যদিও একাংশ দুর্নীতিগ্রস্ত বিষয়াক মেনেজ কৰি পুনৰ একেটা স্থানতে ব্যৱসায় কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ দিছপুৰৰ গাতে লাগি থকা গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পদপথত গঢ়ি উঠিছে অবৈধ বজাৰ৷ বহিঃৰাজ্যৰ পৰা অহা সন্তোষ পঞ্জীয়াৰ নামৰ এগৰাকী ব্যৱসায়ীয়ে পদপথত ১৩খনকৈ দোকান সাজি নিজে ব্যৱসায় চলোৱাৰ লগতে কেইবাখনো দোকান ভাৰাত দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷ গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষত থকা ৰুকমন মিঠাই দোকানৰ সন্মুখভাগৰ জি এছ ৰোড আৰু ৰাজেন্দ্র প্রসাদ সংযোগী পদপথত সন্তোষৰ উপৰি আন একাংশ ব্যৱসায়ীয়ে দোকান–পোহাৰ সাজি পদপথক মিনি বজাৰলৈ পর্যবসিত কৰা পৰিলক্ষিত হৈছে৷ ফলত বিদ্যালয়লৈ অহা–যোৱা কৰা ছাত্র–ছাত্রীসকলৰ লগতে সর্বসাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ উল্লেখ্য যে উক্ত পদপথত অবৈধভাৱে নির্মাণ কৰা দোকান–পোহাৰ উচ্ছেদ কৰিবলৈ স্থানীয় বাসিন্দাই পৌৰ আয়ুক্তক লিখিতভাৱে আবেদন জনাই অহাৰ পিছতো জি এম চিয়ে এইক্ষেত্রত মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷

You might also like