নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ৰাজসাহায্যযুক্ত সাৰৰ ক’লা বজাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা৷ একাংশ অসাধু ব্যৱসায়ীয়ে বাংলাদেশলৈ ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত সাৰৰ নামত চলি থকা ক’লা বজাৰৰ ন ন তথ্য৷ ভুৱা কৃষক সৃষ্টি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজসাহায্যযুক্ত সাৰ ক’লা বজাৰত বিক্রী কৰি আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, এগ্রি ডেভেল’পমেণ্ট চেণ্টাৰ, আছাম ভেলী কর্প’ৰেচন, হাজৰিকা জৈৱ ভাণ্ডাৰে বছৰৰ পিছত বছৰ ধৰি ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ কৃষকক প্রদানৰ নামত লাখ লাখ টকা আত্মসাৎ কৰি আহিছে৷

অভিযোগ অনুসৰি, একাংশ দালালৰূপী কৃষি বিষয়াৰ পৃষ্ঠপোষকতাত প্রকৃত কৃষকক বঞ্চিত কৰি ৰাজসাহায্যযুক্ত সাৰ কেৱল চুবুৰীয়া ৰাষ্ট্র বাংলাদেশেই নহয়, খোদ গুৱাহাটী মহানগৰীতে ভুৱা কৃষক সৃষ্টিৰে বিক্রী কৰি আহিছে৷ চৰকাৰী অনুজ্ঞা–পত্র লাভ কৰা একাংশ ব্যৱসায়ীয়ে গুৱাহাটী মহানগৰীতে ভুৱা কৃষক সৃষ্টি কৰি নামে–বেনামে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ ৪৫ কেজিৰ পেকেট মাত্র ৪৪২ টকাত ক্রয় কৰি ক’লা বজাৰত নিজ খেয়ালখুচি মতে বিক্রী কৰি আহিছে৷ উদাহৰণস্বৰূপে মামুদ আলী নামৰ ব্যৱসায়ীজনে ৰাজসাহায্যযুক্ত ইউৰিয়া ক্রয় কৰি ভুৱা কৃষক সৃষ্টিৰে ক’লা বজাৰত বিক্রী কৰি আহিছে৷

ইয়াৰ উপৰি আছাম ভেলী কর্প’ৰেচনৰ নামতো কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য জিলাৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত সাৰ অন্য জিলাৰ কৃষকক বিক্রী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ৰাজহ চক্র, সোণাপুৰ ৰাজহ চক্রৰ অন্তর্গত নাৰেংগী আৰু সোণাপুৰত হাজৰিকা জৈৱ ভাণ্ডাৰে ভুৱা কৃষকৰ নামত শ শ কুইণ্টল সাৰ ক্রয় কৰি ক’লা বজাৰত বিক্রী কৰি আহিছে৷ হাজৰিকা জৈৱ ভাণ্ডাৰে খাৰঘুলি, নাৰেংগী, ডিগাৰুপাৰ, ২নং ব্রীগ, কলিতাকোচ আদি অঞ্চলত ভুৱা কৃষক সৃষ্টিৰে লাখ লাখ টকাৰ ইউৰিয়া সাৰ ক্রয় কৰি ক’লা বজাৰত বিক্রী কৰি আহিছে৷ তথ্য অনুসৰি, হাজৰিকা জৈৱ ভাণ্ডাৰে অঞ্জলি শইকীয়া, মাণিক দত্ত, মণি দত্ত, উমা মেহেৰা, অলকা হাজৰিকা, গোলক হাজৰিকা, মামুদ আলী নামৰ ভুৱা কৃষক সৃষ্টিৰে লাখ লাখ টকাৰ ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ ক্রয় কৰিছে৷

মহানগৰীৰ মাজমজিয়াৰ খাৰখুলি, নাৰেংগী অঞ্চলত ভুৱা কৃষক সৃষ্টিৰে ৰাজসাহায্যযুক্ত সাৰ ক্রয় কৰা বিষয়টো সন্দর্ভত প্রকাশ কুমাৰ শইকীয়া নামৰ হাতীগাঁৱৰ এজন লোকে কৃষি বিভাগৰ সঞ্চালকক অভিযোগ দাখিল কৰিছে৷ যোৱা ২৮ ছেপ্ঢেম্বৰত কৃষি বিভাগৰ সঞ্চালকক তথ্যসহকাৰে অভিযোগ দাখিল কৰাৰ উপৰি ইয়াৰ প্রতিলিপি মুখ্যমন্ত্রী, মুখ্য সচিবৰ লগতে কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য জিলাৰ উপায়ুক্তলৈ প্রেৰণ কৰিছে৷ কিন্তু প্রায় এপষেক উকলি যোৱাৰ পিছতো গুৱাহাটীত ৰাজসাহায্যযুক্ত সাৰৰ নামত চলি থকা অবৈধ বজাৰখনৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই আজিলৈকে ৰহস্যজনকভাৱে তদন্ত কৰা নাই৷

You might also like