নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ প্ৰৱক্তা, শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাৰ বিয়োগত বালিপৰা শাখা সাহিত্য সভাৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: শোণিতপুৰৰ ঢেকিয়াজুলিৰ অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা, বিশিষ্ট শিক্ষাবিদ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কুইজ মাষ্টাৰ, সাহিত্যিক, সমাজকৰ্মী হেমন্ত কুমাৰ বৰুৱাৰ আজি বিয়োগ ঘটাত গভীৰ শোক প্ৰকাশ কৰিছে বালিপৰা শাখা সাহিত্য সভাই। শাখাৰ সভাপতি নকুল কুৰ্মী আৰু সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰাই কাকতক এক বিজ্ঞপ্তিৰ যোগে জনাইছে যে বৰুৱাদেৱৰ বিয়োগ শোণিতপুৰীয়া ৰাইজৰ বাবে এক অপূৰণীয় ক্ষতি। বৰুৱাদেৱ আছিল এক সাহিত্যকৰ্মী, শিক্ষাবিদ, জ্ঞান ভাণ্ডাৰ, সমাজসেৱক, অনুপ্ৰেৰণাদাতা। তেখেতৰ বিয়োগত শাখা সভাই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

You might also like