নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰত ৯৪.৬৪ কোটি টকাৰ স্ক্রেপ সামগ্রী বিক্রী এনএফ ৰে’লৱেৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ স্ক্রেপ সামগ্রী, অর্থাৎ ভগা–ছিগা লোহা বিক্রী কৰিয়েই এবছৰত উত্তৰ–পূব সীমান্ত ৰে’লৱেই ৯৪.৬৪ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ বিগত বর্ষৰ তুলনাত ২০২০–২১ বর্ষত এই বৃদ্ধিৰ হাৰ হ’ল ২৬.৩৩ শতাংশ৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে, এইবেলি ২০২০–২১ বর্ষত স্ক্রেপ বিক্রীৰ জৰিয়তে ৭৫ কোটি টকা উপার্জনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ ইয়াৰ পূর্বে ২০১৯–২০ বর্ষত ৮৭.৬৮ কোটি টকা উপার্জন হৈছিল৷ আনহাতে, এখন দেশতে স্ক্রেপ বিক্রীৰ জৰিয়তে সদ্যসমাপ্ত ২০২০–২১ বর্ষত ভাৰতীয় ৰে’লৱেই উপার্জন কৰে ৪,৫৭৩ কোটি টকা৷ ইয়াৰ পূর্বে ২০১৯–২০ বর্ষত উপার্জন হৈছিল ৪,৬৩৩ কোটি টকা৷ এইবেলি ভাৰতীয় ৰে’লৱেৰ স্ক্রেপ সামগ্রীৰ জৰিয়তে হোৱা উপার্জনে সর্বকালৰ অভিলেখ ভংগ কৰিছে বুলি শুভানন চন্দই সদৰী কৰিছে৷ আনহাতে, এইক্ষেত্রত গতিশীলতা আৰু ছন্দতা অনাৰ বাবে ই–নীলামযোগে বিক্রীৰ ব্যৱস্থা কৰা হৈছে৷

You might also like