নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচৰ জৰুৰীকালীন বিভাগত অগ্ণিকাণ্ড

চিকিৎসক–চিকিৎসা কর্মী–ৰোগীৰ জীৱনক লৈ হেতালিঃ নাই ফায়াৰ এক্সটিংগুইচাৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন বিভাগত আজি দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্ণিকাণ্ড৷ চিকিৎসক–নার্ছ, ৰোগী আৰু ৰোগীৰ আত্মীয়ই গিজগিজাই থকা জৰুৰীকালীন বিভাগত দুপৰীয়া প্রায় ২ বজাত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পাছতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ উক্ত সময়ত জৰুৰীকালীন বিভাগত চিকিৎসাধীন হৈ থকা ৰোগীসকলক মুহূর্তৰ ভিতৰতে অতি তৎপৰতাৰে ৰোগীৰ আত্মীয় আৰু চিকিৎসক আৰু নার্ছসকলে ৱার্ডটোৰ পৰা বাহিৰলৈ আনিবলৈ সক্ষম হয়৷ জৰুৰীকালীন বিভাগটোত চলি থকা দুখন ফেনত যান্ত্রিক বিজুতি ঘটি হঠাৎ অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ এই অগ্ণিকাণ্ডত কথমপি ৰক্ষা পৰে জৰুৰীকালীন ৱার্ডত কর্মৰত চিকিৎসক, নার্ছ, ৰোগী আৰু ৰোগীৰ আত্মীয়৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তৰ পৰা প্রতিদিনে হাজাৰ হাজাৰ লোকে চিকিৎসাৰ বাবে জিএমচিএইচলৈ আহে৷ স্বাস্থ্য বিভাগ আৰু জিএমচিএইচ কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ফায়াৰ এলার্ম–ফায়াৰ এক্সটিংগুইচাৰকে ধৰি জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিবলগীয়া প্রয়োজনীয় সামগ্রী আজিলৈকে জিএমচিএইচত সংস্থাপিত নহ’ল৷ যাৰ ফলশ্রুতিত মঙলবাৰে অগ্ণিকাণ্ডৰ সূত্রপাত হোৱাৰ সময়ত ফায়াৰ এক্সটিগুইচাৰ বিচাৰি চিকিৎসক–নার্ছ আৰু ৰোগীৰ আত্মীয়ই হাহাকাৰ কৰিবলগীয়া হয়৷ চিকিৎসক–নার্ছ, ৰোগীৰ আত্মীয়ৰ তৎপৰতাত ভয়াৱহ অগ্ণিকাণ্ডৰ পৰা জৰুৰীকালীন বিভাগটো ৰক্ষা পৰে৷ অগ্ণিকাণ্ডৰ সূত্রপাত হোৱাৰ পাছতে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শর্মাই ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে৷এজাহাৰত উল্লেখ কৰা অনুসৰি অগ্ণিকাণ্ডৰ সময়ত জৰুৰীকালীন বিভাগটোত নাছিল ফায়াৰ এক্সটিংগুইচাৰ আৰু ফায়াৰ এলার্ম৷

উল্লেখ্য যে কিছুদিন পূর্বে জিএমচিএইচৰ ৰেডি’লজী বিভাগৰ এটা কোঠাত বৈদ্যুতিক শ্বর্ট–শ্বার্কিটৰ ফলত অগ্ণিকাণ্ডৰ সূত্রপাত হৈছিল৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত আগশাৰীৰ এখন চিকিৎসালয় হিচাপে পৰিচিত জিএমচিএইচত প্রায়ে অগ্ণিকাণ্ড সংঘটিত হৈ আহিছে৷ ৰোগীৰ জীৱনক লৈ হেতালি খেলা স্বাস্থ্য বিভাগৰ অদূৰদর্শিতাৰ বাবেই এনেধৰণৰ ঘটনা জিএমচিএইচত সংঘটিত হৈ অহা বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷ জিএমচিএইচত কর্মৰত চিকিৎসক, নার্ছ, চিকিৎসা কর্মী আৰু দূৰ–দূৰণিৰ পৰা চিকিৎসাৰ বাবে অহা লোকসকলৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like