নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাক সম্বর্ধনা ‘অসম আমাৰ ৰূপহী’ৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ নলবাৰী গোৱালপাৰাৰ পৰিৱেশ তথা শৈক্ষিক প্রতিষ্ঠান ‘অসম আমাৰ ৰূপহী’য়ে দেওবাৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাক সম্বর্ধনা জ্ঞাপন কৰে৷ গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত ‘নিয়মীয়া বার্তা’ৰ মুখ্য কার্যালয়ত অনুষ্ঠিত চমু তথা গাম্ভীর্যপূর্ণ অনুষ্ঠানত কাকতখনৰ সম্পাদক কলিতাক প্রথমে ফুলাম গামোচাৰে সম্বর্ধনা জ্ঞাপন কৰে অসম আমাৰ ৰূপহীৰ ১০ পৃষ্ঠাত সভাপতি তথা বন শ্রমিক ইউনিয়নৰ প্রাক্তন ৰাজ্যিক সভাপতি কৰুণা শর্মাই৷

ইয়াৰ পিছতে অসম আমাৰ ৰূপহীৰ সম্পাদক হীৰকজ্যোতি কাশ্যপে এখন মানপত্রৰে সম্পাদক কলিতাক সম্বর্ধনা জনায়৷ তৃতীয়তে অসম আমাৰ ৰূপহীৰ সহঃ সম্পাদক ৰাহুল কাশ্যপে এটা জাপিৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক কলিতাক সম্বর্ধনা জনায়৷ অসম আমাৰ ৰূপহীৰ বিত্ত সম্পাদক প্রশান্ত শর্মাই এটা বগা চন্দনৰ পুলিৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক কলিতাক সম্বর্ধনা জনায়৷

You might also like