নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকন্যালৈ চমন জাৰি! ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে দুসপ্তাহৰ সময়

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ  দিছপুৰ আৰক্ষী থানাত আজি হাজিৰ হোৱা সম্ভাৱনা নাই মডেল ৰাজকন্যা বৰুৱা। দিছপুৰ আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে দুসপ্তাহৰ সময়।

অধিক অসুস্থতাৰ অজুহাত দেখুৱাই জিএনআৰচিৰ ICU ত ভৰ্তি হৈছে ৰাজকন্যা। সন্দেহ কৰা হৈছে ৰাজকন্যাই স্বাস্থ্যৰ অচিলা লৈ আত্মগোপন কৰাৰ চেষ্টা কৰিছে ৰাজকন্যাই।

আনহাতে দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছত নতুনকৈ সমগ্ৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে উপ পৰিদৰ্শক যোগানন্দ বড়োক।

উল্লেখ্য যে বেলতলাৰ অজন্তা পথ নিৱাসী ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীয়ে শুকুৰবাৰে নিশা হোটেল তাজ ভিভাণ্টাত বার্থ ডে’ পার্টী কৰি নিশা প্রায় ১.৪৫ বজাত গৃহাভিমুখে গৈ থকাৰ সময়তে ৰুক্মিণীগাঁৱত এএছ–২৫ ডিচি–১৫৩৪ নম্বৰৰ শিলভর্তি বাহনখনত খুন্দা মাৰি উক্ত স্থানত কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিয়ে৷

সুৰামত্ত যুৱতীগৰাকীয়ে দুর্ঘটনাৰ পাছত কর্তব্যৰত আৰক্ষীক দুর্ব্যহাৰ কৰাৰ লগতে নিজকে এগৰাকী প্রভাৱশালী যুৱতী বুলি চিনাকি দিছিল৷

You might also like