নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হজৰত মহম্মদৰ কার্টুন অংকন কৰা ছুইডেনৰ শিল্পী ভিলক্ছৰ বিয়োগ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ পয়গম্বৰ হজৰত মহম্মদৰ কার্টুন অংকন কৰি বিভিন্ন সময়ত বিতর্কৰ সৃষ্টি কৰা ছুইডেনৰ শিল্পী লার্ছ ভিলক্ছৰ পথ দুর্ঘটনাত মৃত্যু হৈছে৷ এটা কুকুৰৰ দেহত মহম্মদৰ মূৰৰ ছবি অংকন কৰি বিতর্কৰ সৃষ্টি কৰিছিল কার্টুনিষ্ট ভিলক্ছে৷ দক্ষিণ ছুইডেনৰ মার্কাৰিডত কার্টুনিষ্টগৰাকী যাত্রী হিচাপে অহা বাহন এখন ট্রাকৰে মুখামুখি সংঘর্ষত পতিত হোৱাৰ ফলত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়৷

লক্ষণীয়ভাৱে এই দুর্ঘটনাত দুজন আৰক্ষী বিষয়াও নিহত হৈছে৷ অসামৰিক আৰক্ষীৰ বাহন এখনেৰে ভিলক্ছে যাত্রা কৰাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়৷ ইফালে, স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি দুর্ঘটনাত ট্রাকচালকজন গুৰুতৰভাৱে আহত হৈছে৷ ৭৫ বছৰীয়া কার্টুনিষ্টগৰাকীৰ মৃত্যুৰ লগে লগে ইউৰোপজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷

স্মর্তব্য যে কার্টুন অংকন কৰাৰ বাবেই বিভিন্ন সময়ত মৃত্যুৰ ভাবুকি লাভ কৰা ভিলক্ছে নিজৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ সুৰক্ষা ল’বলগীয়া হৈছিল৷ ২০০৭ চনত মহম্মদক লৈ অংকন কৰা বিতর্কিত কার্টুনৰ বাবেই কট্টৰ ইছলামপন্থীসকলৰ ভাবুকিৰ সন্মুখীন হৈছিল ভিলক্ছ৷ লক্ষণীয়ভাৱে ডেনমার্কৰ এখন কাকতে মহম্মদৰ কার্টুন প্রকাশ কৰাৰ এবছৰ পিছতেই ভিলক্ছ ইছলামপন্থীসকলৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ইফালে, এই পথ দুর্ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে এক তদন্তৰ ঘোষণা কৰিছে৷

You might also like