নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ আটাইতকৈ মূল্যৱান আম পহৰা দিছে ৪ জন ৰক্ষী আৰু ৬টা জাৰ্মান ছেফাৰ্ডে, দাম কিমান জানেনে

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ বাগানভৰা ফল চুৰি হোৱাৰ ভয়ত লাঠি হাতত লৈ পহৰা দিয়াৰ ৰীতি নতুন নহয়। কিন্তু দুডাল মাত্র গছত আঙুলিৰ মূৰত গণিব পৰা কেইটামান আম ওলমি আছে আৰু সেইকেইটাৰ পহৰা দিবলৈ চাৰিজন ছিকিউৰিটী গার্ডৰ লগতে ৬ টা জার্মান ছেফার্ড কুকুৰ মোতায়েন কৰাৰ ঘটনা শুনা গৈছে।

মধ্যপ্রদেশৰ জব্বলপুৰৰ এখন আম বাগানত চলিছে এই পহৰাৰ ব্যৱস্থা। এনে এলাহী সুৰক্ষাৰ অৱশ্যে বিশেষ কাৰণো আছে। দেশত পোৱা আন পাঁচবিধ আম- হিমসাগৰ, মল্লিকা, লেংড়া, বেগম পচন্দ, গোলাপ খাচৰ দৰে নহয়, এইবিধ আম বিশ্বৰ অন্যতম বিৰল প্রজাতিৰ আম। নাম ‘মিয়াজাকি’। আমবিধৰ এটাৰ দাম শুনিলেই আচৰিত হ’ব। আন্তর্জাতিক বজাৰত মিয়াজাকি আম ২ লাখ ৭০ হাজাৰ টকা প্রতি কেজি দৰত বিক্রী হয়। এই মিয়াজাকি আমৰ উৎপত্তি জাপানত। দেশখনৰ মিয়াজাকি অঞ্চলতে ১৯৭০ ৰ দশকত আমবিধৰ পুলি লাগিছিল। জাপানত এটা মিয়াজাকি আমৰ দাম ভাৰতীয় মুদ্রাৰ হিচাপত ১৫ হাজাৰ টকাৰো বেছি।

এই আমৰ লাভ যিমান বেছি, লোকচানো তেনেকুৱাই। খুব সহজে নষ্ট হয়। সেয়ে সুৰক্ষা ব্যৱস্থা ভালদৰে কৰা হয়। লগতে মানুহ আৰু পশু-পক্ষীৰ পৰাও চকু ৰাখিবলগীয়া হয়। প্রতিটো আমত প্লাষ্টিকৰ পেকেট বা নেট মেৰিয়াই দিয়া হয়, যাতে গাত অকনো দাগ নালাগে। জাপানৰ মিয়াজাকি নামৰ এটি প্ৰতিষ্ঠানে এই আমৰ পুলি বিক্রী কৰে। বহুতে কয়, আফগানিস্তানৰ নূৰজাহান আমৰ পাছতেই এই আমৰ স্বাদ ৰৈছে।

You might also like