নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীৰ ব্যৱসায়িক প্রতিষ্ঠানত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত প্রতিদিনে বৃদ্ধি পাইছে চুৰি কাণ্ডৰ ঘটনা৷ এইবাৰ চোৰে ব্যৱসায়িক প্রতিষ্ঠানৰ টিন কাটি ৰছীৰে নামি আহি চুৰি কার্য সংঘটিত কৰা কার্যই হতচকিত কৰিছে সাধাৰণ ৰাইজৰ লগতেব্যৱসায়ীসকল্৷ এনে ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত নাৰেংগী তিনিআলিৰ মাৰুতি ড্রেডার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত৷ নাৰেংগী তিনিআলিৰ মাৰুতি ড্রেডার্ছৰ স্বত্বাধিকাৰী সঞ্জীৱ আগৰৱালাই জনোৱা মতে, কালি প্রতিষ্ঠানখনত বিক্রী হোৱা প্রায় এক লাখ টকা তেওঁ বেংকত জমা কৰিব গৈছিল যদিও বেংকত লিংক নথকাৰবাবে টকাখিনি জমা কৰিব পৰা নাছিল৷

পিছত উপায়হীন হৈ নিশাৰ ভাগত উক্ত টকাখিনি দোকানৰ কেছ বক্সত থৈ নিশাৰ ভাগত প্রতিষ্ঠানখন বন্ধ কৰি স্বত্বাধিকাৰীজন ঘৰলৈ গুচি যায়৷ পিছত আজি পুৱাৰ ভাগত দোকান খুলি সঞ্জীৱ আগৰৱালাই দোকানৰ সামগ্রীসমূহ লণ্ডভণ্ড হৈ থকা দেখা পোৱাৰ লগতে দোকানৰ ওপৰৰ টিনৰ এটা অংশ কটা দেখা পাই স্তম্ভিত হৈ পৰে আৰু লগে লগে ব্যৱসায়ীজনে দোকানখনত সংলগ্ণ থকা চিচি কেমেৰা পৰীক্ষা কৰাত দেখে যে এজন যুৱকে দোকানৰ টিন কাটি ৰছীৰে দোকানত প্রৱেশ কৰে৷ চিচি কেমেৰাৰ ফুটেজত চোৰজনে দাৰে কেছ বক্সৰ তলা ভাঙি প্রায় এক লাখ টকা লুট কৰা পৰিলক্ষিত হয়৷ পিছত চোৰজনে দোকানখনত থকা খটখটিৰে উঠি পুনৰ টিনৰ ওপৰেৰে পলায়ন কৰে৷ পিছত ঘটনা সন্দর্ভত দোকানখনৰ গৰাকীয়ে নুনমাটি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈ চোৰজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like