নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ প্রাক্তন সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

সংবাদ মেলত বিশ্ব হিন্দু পৰিষদৰ মহানগৰ সমিতিৰ সম্পাদক পল্লৱ পৰাশৰ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ প্রাক্তন সভাপতি শান্তি কুমাৰ সিন্হাই এখন অবৈধ সমিতি গঠন কৰি অসাংবিধানিক কাম–কাজত লিপ্ত থকা বুলি অভিযোগ উত্থাপন কৰিছে পৰিষদৰ উত্তৰ–পূব প্রান্তই৷ আজি নুনমাটিত এখন সংবাদ মেলযোগে এই কথা স্পষ্ট কৰি দিছে উত্তৰ–পূব প্রান্তৰ সম্পাদক পল্লৱ পৰাশৰে৷ সংবাদ মেল সম্বোধি সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে ২০১৭ চনৰ ১৫ জুলাইত ক্ষেত্রীয় পর্যবেক্ষণৰ উপস্থিতিত সিন্হাৰ নেতৃত্বত থকা মহানগৰ সমিতিখন ভংগ কৰি দিবাকৰ বৰাক সভাপতি আৰু চন্দন ৰাভাক সম্পাদকৰ দায়িত্ব দি এখন নতুন আৰু পূর্ণাংগ সমিতি গঠন হয়৷ কেন্দ্রীয় সমিতিয়ে স্বীকৃতি প্রদান কৰা সমিতিখনে কাম–কাজ চলাই থকাৰ মাজতে পূর্বৰ সমিতিক ভংগ কৰাৰ পিছতো শান্তি কুমাৰ সিন্হাই নিজকে মহানগৰ সমিতিৰ সভাপতি বুলি জাহিৰ কৰি বিভিন্ন অসামাজিক কামত লিপ্ত হৈ আছে৷ তাৰ পৰিপ্রেক্ষিতত আনকি পৰিষদৰ উত্তৰ–পূব প্রান্তই যোৱা বর্ষতে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আনকি আটক কৰি অবৈধ কাম–কাজৰ পৰা আঁতৰি থাকিবলৈ নির্দেশো দিছিল বুলি উল্লেখ কৰি প্রান্তীয় সম্পাদকগৰাকীয়ে কয় যে ভংগ কৰা সমিতিখনকে বুকুত বান্ধি নিজকে নপতাফুকন সভাপতি আখ্যা দি অহা ৯ ছেপ্ঢেম্বৰত বিশ্ব হিন্দু পৰিষদৰ মহানগৰ সমিতিয়ে জন্মাষ্টমী উদ্যাপন কৰিব বুলি বিবৃতি প্রদান কৰে৷ শান্তি সিন্হাই পৰিষদৰ নামটোক ধন ঘটাৰ কৌশল আখ্যা দি উত্তৰ–পূব প্রান্তৰ সম্পাদক পল্লৱ পৰাশৰে স্পষ্ট কৰি দি কয় যে সেই সমিতিখন ২০১৭ চনৰ জুলাই মাহতে ভংগ হৈছে৷ গতিকে শান্তি সিন্হাৰ সমিতিখনক কোনোধৰণৰ আর্থিক বৰঙণি নিদিবলৈ সংবাদ মেলযোগে আহ্বান জনায় মহানগৰবাসীক৷ সিন্হাকো বিশ্ব হিন্দু পৰিষদৰ নাম বিক্রী কৰা আৰু অসাংবিধানিক কাম–কাজৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সম্পাদকগৰাকীয়ে৷ তেওঁ লগতে বর্তমানৰ মহানগৰ সমিতিৰ অন্তর্গত ১২টা প্রখণ্ডত ৯ ছেপ্ঢেম্বৰত ক’ভিড প্রট’কল মানি জন্মাষ্টমী পালন কৰাৰ লগতে এখন স্মৰণিকা প্রকাশ কৰিব বুলি সংবাদ মেলত প্রৱেশ কৰে৷ সংবাদ মেলত সম্পাদকৰ উপৰি প্রান্তৰ কার্যকৰী সভাপতি লক্ষী দত্ত, প্রচাৰ সচিব নৰেন ৰয়, মহানগৰ সমিতিৰ উপদেষ্টা ডম্বৰুধৰ তালুকদাৰ আৰু সম্পাদক চন্দন ৰাভা উপস্থিত থাকে৷

You might also like