নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলপুখুৰীত পদপথত চাহৰ জুতি ল’লে সোণোৱালে

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ  গান্ধী জয়ন্তী উপলক্ষে শনিবাৰে শিলপুখুৰীত ভাৰতীয় জনতা পার্টীৰ পূব গুৱাহাটী মণ্ডলে আয়োজন কৰা স্বচ্ছ অভিযানত কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰাৰ পাছত অনুষ্ঠানৰ সমীপৰ এখন দোকানত চাহৰ জুতি লয়৷

দীপক দাস আৰু দেৱী দাস দম্পতীয়ে সুন্দৰকৈ আপ্যায়ন কৰা চাহৰ জুতিৰ মাজতে তেওঁলোকৰ সৈতে সর্বানন্দ সোণোৱালে কথা–বতৰা পাতি আপ্লুত হয় আৰু তেওঁলোকৰ পৰিশ্রম আৰু সৰলতাত মুগ্ধ হয়৷

এই সময়ছোৱাত তেওঁক সংগ দিয়ে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া, মণ্ডলৰ সভাপতি অমিয় শর্মা আৰু কার্যকর্তাসকলে৷

You might also like