নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র ৰিভাৰ হেৰিটেজ চেণ্টাৰ হ’ব ইতিহাসৰ সমল

অসমৰ ইতিহাস সজীৱ কৰি ৰাখিব ব্রিটিছৰ দিনতে নির্মাণ হোৱা গুৱাহাটীৰ ডিচি বাংলোৱে

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ অসমৰ ইতিহাসৰ সাক্ষী হৈ ৰোৱা ব্রিটিছৰ দিনতে নির্মাণ হোৱা গুৱাহাটীৰ ডিচি বাংলোক অসম চৰকাৰে পৰিণত কৰিছে ঐতিহাসিক ক্ষেত্রত য’ত অসমৰ ৰাজনীতি, সামাজিক উত্থান–পতনৰ পৰা আৰম্ভ কৰি সমাজ জীৱনৰ লগতে কলা–সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থাৰে সজাই তোলা হৈছে৷ মহাবাহু ব্রহ্মপুত্র ৰিভাৰ হেৰিটেজ চেণ্টাৰ হিচাপে নামকৰণ কৰা ব্রিটিছৰ দিনতে নির্মাণ হোৱা ডিচি বাংলোটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব উপ–ৰাষ্ট্রপতি ভেংকেয়া নাইডুৱে৷

ব্রিটিছৰ দিনতে নির্মাণ হোৱা ডেৰশ বছৰীয়া ইতিহাস গৰকা ডিচি বাংলো সংৰক্ষণৰ লক্ষ্য আৰু বিনোদন ক্ষেত্র হিচাপে গঢ়ি তুলিছে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰীয়ে৷ প্রায় ৯.৬ কোটি ব্যয়েৰে পুনৰ নির্মাণ কৰি উলিওৱা মহাবাহু ব্রহ্মপুত্র হেৰিটেজ চেণ্টাৰত অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি, হস্ততাঁত বস্ত্রশিল্প, চিত্রশিল্প, ইতিহাসৰ স্মৃতি বিজড়িত ফটো আদি সংৰক্ষণ আৰু প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে৷

মহাবাহু ব্রহ্মপুত্র হেৰিটেজ চেণ্টাৰত নির্মাণ কৰা মিউজিয়ামত অসমৰ জাতি–জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ২০০বিধ বাদ্যযন্ত্র সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ জিএমডিএৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি এতিয়ালৈকে জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰা ৬১বিধ বাদ্যযন্ত্র সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ এই হেৰিটেজ চেণ্টাৰত থাকিব ভিণ্টেজ আছাম শীর্ষক এটা ফটো গেলেৰী৷ এই ফটো গেলেৰীত ১৮৭৪ চনৰ পৰা ১৯৭০ চনলৈকে ইতিহাস বিজড়িত দুষ্প্রাপ্য ফটোগ্রাফ দর্শনার্থীয়ে উপভোগ কৰিব পৰাকৈ ৰখা হৈছে৷ বিভিন্ন ক’লা–বগা আলোকচিত্রসমূহৰ তথ্য অত্যাধুনিক স্কেনিংক’ডৰ জৰিয়তে দর্শনার্থীসকলে লাভ কৰিব পাৰিব৷

ইয়াৰ উপৰি ডিচি বাংলোৰ বাৰাণ্ডাত পেইণ্টিং গেলেৰীৰ ব্যৱস্থা কৰা হৈছে৷ এই গেলেৰীত প্রতিমাহে এগৰাকী চিত্রশিল্পীয়ে চিত্র প্রদর্শনী কৰাৰ লগতে চিত্রসমূহ বিক্রী কৰিব পাৰিব৷ বিনোদনৰ ক্ষেত্র হিচাপে গঢ় দিয়া ডিচি বাংলোত দর্শনার্থীৰ বাবে প্রতীকী ৰূপত ৰখা হৈছে নৈপৰীয়া জীৱনৰ বাস্তৱ চিত্র৷ হেৰিটেজ চেণ্টাৰলৈ উঠি যোৱা পথত বৌদ্ধ ধর্মাৱলম্বীৰ মনেষ্টিৰ আকৃতিত অসমৰ ১৬টা জনজাতিৰ চিত্র অংকন কৰা হৈছে৷ এই মনেষ্টি আকৃতিত গঢ় দিয়া এই ১৬টা শিল্প অত্যাধুনিক পদ্ধতিৰে ঘূৰোৱাৰ দায়িত্ব অর্পণ কৰা হৈছে আইআইটি গুৱাহাটীক৷ এই মনেষ্টিকেইটা ঘূৰিলে তাত প্রতিটো জনগোষ্ঠীৰ সংগীত বাজি উঠিব৷

ডিচি বাংলোৰ ভিতৰত থকা জিএমচিৰ পানী টেংকীত অসমীয়া কৃষ্টি–সংস্কৃতিৰ অল্পনা ঁকা হৈছে৷ পর্যটক দর্শনার্থীয়ে এই বাংলোৰ পৰাই ব্রহ্মপুত্রৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰিব পাৰিব৷ লগতে পর্যটক দর্শনার্থীয়ে বহুজাতিক কোম্পানীৰ ষ্টাৰ বাস্কছ্ কফীৰ সোৱাদ ল’ব পাৰিব৷

You might also like