নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SBIৰ সেৱা কেন্দ্ৰৰ যুৱতী প্ৰবন্ধকক দিন-দুপৰতে আক্ৰমণ, লুটি নিলে ধন

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ মহানগৰীৰ কটাহবাৰীত চাঞ্চল্যকৰ ঘটনা। SBIৰ সেৱা কেন্দ্ৰৰ যুৱতী প্ৰবন্ধকক আক্ৰমণ কৰি দুজনীয়া ডকাইতে লুটিলে ধন। গুৰুতৰভাৱে আহত যুৱতীগৰাকী ৰূপালী সিনহা বুলি জানিব পৰা গৈছে। প্ৰায় ২.৩০ বজাত সংঘটিত হয় এই ডকাইতিৰ ঘটনা।

ঘটনাক্ৰমে সেৱা কেন্দ্ৰটোৰ কৰ্মচাৰীসকল দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল তেনে সময়ত অকলেই আছিল ৰূপালী সিনহা। আৰু কৰ্মচাৰীসকল অহাৰ পাছত তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীক। এখন ৰঙা ৰঙৰ মাৰুতি 800ত আহিছিল ডকাইত দুটা। ইতিমধ্যে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

You might also like