নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাটক বিদায়… ৫৭ বছৰ নৌ–সেনাত আগবঢ়াইছিল সেৱা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ভাৰতীয় নৌ–বাহিনীত ৩০ বছৰ আৰু ৰ’য়েল নেভীত ২৭ বছৰ সেৱা আগবঢ়োৱাৰ পাছত কর্তব্যৰ পৰা চিৰদিনৰ বাবে আঁতৰোৱা বিমান পৰিবাহী আইএনএছ বিৰাটৰ কালি মুম্বাইৰ নৌ–বন্দৰৰ পৰা গুজৰাটৰ জাহাজ বিনাশকাৰী কাৰখানালৈ অন্তিম যাত্রা আৰম্ভ হৈছে৷

সেনাৰ সেৱাৰ পৰা অব্যাহতি দিয়া ‘বিৰাট’ক ভাঙি–ছিঙি স্কেপ হিচাপে বিক্রী কৰা হ’ব৷ উল্লেখ্য যে ৫৭ বছৰ নৌ–সেনাত সেৱা আগবঢ়োৱা বিমান পৰিবাহী জাহাজ বিৰাটক ২০১৭ চনৰ আগষ্টত সেৱাৰ পৰা অব্যাহতি দিয়া হৈছিল৷

বিশ্বৰ সবাতোকৈ দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱাৰ বাবে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছৰ অধিকাৰী আইএনএছ বিৰাটৰ কালি মুম্বাইৰ পৰা গুজৰাটলৈ অন্তিম যাত্রা আৰম্ভ হোৱা বুলি নৌ–বাহিনীয়ে মাইক্র’ ব্ল’গিং ছাইট টুইটাৰত এক মিনিটৰ ভিডি’ প্রচাৰ কৰি আৱেগিক বার্তা প্রেৰণ কৰিছে৷

বিৰাটক ‘ৰমি’–২ ২’–যুগৰ অৱসান৷ ভাৰতীয় নৌ–বাহিনীৰ সোণালী অধ্যায়ৰ সামৰণি পৰিল বুলি বার্তা প্রেৰণ কৰিছে৷ পুৰণি জাহাজৰ কেতিয়াও মৃত্যু নহয়, ইয়ে উদ্যম জীয়াই ৰাখে বুলিও টুইটাৰত উল্লেখ কৰা হয়৷ তাৎপর্যপূর্ণ যে নৌ–বাহিনীত থকাৰ সময়ত বিৰাটত ২২,৬২২ বিমান উঠা–নমা কৰিছিল৷

You might also like