নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ১০ মে: গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা৷ ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌত ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত সর্বাধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা ৮টাকৈ ৱার্ড চিনাক্ত কৰি উলিয়াইছে৷ ইয়াৰে ৩টা ৱার্ডত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৪ শতাধিক অতিক্রম কৰাত ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি বিগত এটা সপ্তাহত ক্রমাগতভাৱে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷

জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি তিনি মে’ৰ পৰা ৯ মে’লৈ গুৱাহাটী মহানগৰীত ক’ভিডত আক্রান্ত হৈ ৯৫গৰাকী লোকৰ মৃত্যু হৈছে৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি আজিৰ দিনটোত সপ্তাহটোৰ ভিতৰত সর্বাধিক ২৮গৰাকী ক’ৰোনাত আক্রান্ত লোকৰ মৃত্যু হয়৷ একেদৰে ৩ মে’ত গুৱাহাটী মহানগৰীত ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ১,২৯৮গৰাকী৷ ইয়াৰে ১৬৬গৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ উক্ত দিনা ক’ভিডত আক্রান্ত দুগৰাকী লোকৰ মৃত্যু হৈছিল৷ ৪ মে’ত ১,৫৩৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ১১গৰাকী লোকৰ মৃত্যু হৈছিল৷ ৫ মে’ত ১,৬৬৪গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ৭গৰাকীৰ মৃত্যু হৈছিল৷ ৬ মে’ত ১,৫৭২গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ২৫গৰাকীৰ মৃত্যু হয়৷ ৭ মে’ত ১,৫৬১গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে এগৰাকীৰ মৃত্যু হয়৷ ৮ মে’ত ১,৪৫১গৰাকী ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ২১গৰাকী লোকৰ মৃত্যু হয়৷ ক’ভিডত আক্রান্ত হৈ গুৱাহাটী মহানগৰীত আজিলৈকে হ’ম আইছ’লেচন আৰু চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৯,৪৭০গৰাকী৷

You might also like