নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰঘুলিত বিহু সমিতিৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়৷ এই উপলক্ষে খাৰঘুলিৰ লালসিং একাডেমীৰ খেলপথাৰত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ লাইখুঁটা স্থাপন অনুষ্ঠানত মহেন্দ্র দাস, দিব্যজ্যোতি কলিতা, গজেন ভৰালী, মৃদুল কলিতাকে ধৰি অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ মন্ত্রী ভট্টাচার্যই এই অনুষ্ঠানতে অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে৷ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ৫৬সংখ্যক উলুবাৰী ৰঙালী বিহু সন্মিলনৰো লাইখুঁটা স্থাপন কৰি অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে৷

You might also like