নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘স্বচ্ছতা হি সেৱা কার্যসূচীৰ শুভাৰম্ভ’

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ গুৱাহাটীৰ নেডফি সন্মিলন কেন্দ্রত স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) অসমে বুধবাৰে ‘স্বচ্ছতা হি সেৱা–২০২১’ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰে৷ ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা বার্ষিকী উদ্যাপনৰ হেতু ভাৰত চৰকাৰৰদ্বাৰা উদ্যাপিত কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ২০২১ বর্ষৰ স্বচ্ছতা হি সেৱা কার্যসূচীৰ শুভাৰম্ভণি কৰা হৈছে ৷ উক্ত অনুষ্ঠানটোত উপস্থিত আছিল পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী (আইএএছ), ভাৰত চৰকাৰ খোৱাপানী আৰু অনাময় বিভাগৰ উপ–সঞ্চালকপ্রধান হিৰণ্য বৰা (আইএছএছ), অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু অনাময় বিভাগৰ আয়ুক্ত আৰু সচিব তথা স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) অসমৰ অভিযান সঞ্চালক আকাশদ্বীপ (আইএএছ)৷ জলশক্তি মন্ত্রালয়ৰ খোৱাপানী আৰু অনাময় মন্ত্রালয়ে সমগ্র ভাৰতত এছ এইচ এছ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে বুধবাৰৰ পৰা ২ অক্টোবৰলৈ৷

ইয়াৰ অংশ হিচাপে অসমতো এছ এইচ এছ ২০২ উদ্বোধন কৰা হ’ব, য’ত কেইবাটাও কার্যকলাপ যেনে– ‘সত্যাগ্রহ চে স্বচ্ছাগ্রহ ৰথযাত্রা’, ‘শ্রমদান’, ‘স্বচ্ছতা জাগৃতি যাত্রা’ (ৰেলী), ‘স্বচ্ছতা চেম্পিয়নৰ বঁটা আৰু স্বীকৃতি’, গ্রাম পঞ্চায়ত আদিৰ সৈতে সম্বাদ অনুষ্ঠিত কৰা হ’ব৷ অনুষ্ঠানটো ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস উদ্যাপনৰ সৈতে সমাপ্ত হ’ব৷ অনুষ্ঠানটো আকাশদ্বীপৰ (এম ডি এছ বি এম–জি) স্বাগতম ভাষণেৰে আৰম্ভ হৈছিল, তেওঁ আজাদী কা অমৃত মহোৎসৱ, এছ এইচ এছ, স্বচ্ছ সর্বেক্ষণ আৰু স্বচ্ছ ভাৰত দিৱসৰ ইয়াৰ উদ্দেশ্যৰ বিষয়ে বর্ণনা কৰে ৷

অনুষ্ঠানটোত ভাষণ প্রদান কৰি হিৰণ্য বৰাই (ভাৰত চৰকাৰৰ খোৱাপানী আৰু অনাময় বিভাগৰ উপ–সঞ্চালক প্রধান) কয়, ‘যিকোনো অভিযানৰ সফলতা বজাই ৰখা আৰু শেষত প্রাপ্ত কৰাৰ ওপৰত নির্ভৰ কৰে আকাংক্ষিত উদ্দেশ্য৷ স্বচ্ছ ভাৰত অভিযানে সেইটো কৰিবলৈ সক্ষম হৈছে৷ এই অভিযান ৰূপান্তৰিত হৈছে এক জনআন্দোলনলৈ, য’ত সাধাৰণ জনগণে অনাময় আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে৷ খোৱাপানী আৰু অনাময় সমিতি কামৰূপৰ (মেট্ৰ’) দ্বাৰা তাঁতিমৰাত আজিৰ উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে শ্রমদান কার্যসূচীও ৰূপায়ণ কৰা হৈছিল৷ এই কার্যসূচীত অন্তর্ভুক্ত আছিল আৱর্জনা সংগ্রহ আৰু পৰিবহণ আৰু ওচৰৰ এলেকাত অপৰিষ্কাৰ পানী ব্যৱস্থাপনাৰ বাবে শোষক গাঁতৰ ভেটি প্রতিষ্ঠাপন৷

You might also like