নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজনত হেৰফেৰ কৰি গ্রাহকক লুণ্ঠন ব্যৱসায়ীৰ

বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়াৰ গাফিলতি

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ  গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে ওজনত হেৰফেৰ কৰি গ্রাহকক লুণ্ঠন চলাই আহিছে৷ দীর্ঘদিন ধৰি এই অসাধু ব্যৱসায়ীসকলে ওজনত হেৰফেৰ কৰি প্রতিমাহে ২০ৰ পৰা ৬০ হাজাৰ টকাপর্যন্ত উপার্জন কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগ থকাৰ পিছতো এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়া–কর্মচাৰীয়ে মাজে–সময়ে মহানগৰীৰ বজাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানত অভিযান চলাই দুই–এজন অসাধু ব্যৱসায়ীক জৰিমনা বিহিয়েই দায়িত্ব সামৰিছে৷ এই অসাধু ব্যৱসায়ীসকলে বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়া–কর্মচাৰীৰ দায়িত্বহীনতা আৰু গাফিলতিৰ সুযোগ লৈ কম্পিউটাৰ কাঁটা, দগা–পাল্লাত কৌশলেৰে ওজনৰ হেৰফেৰ কৰি প্রতিদিনে গ্রাহকক লুণ্ঠন চলাই আহিছে৷ ভুক্তভোগী গ্রাহকে বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়া–কর্মচাৰীক অভিযোগ দিয়াৰ পিছতো অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ শাক–পাচলি, চাউল–দাইল, মাছ–মাংস ক্রয় কৰাৰ নামত গ্রাহকসকলে ব্যৱসায়ীয়ে বিচৰা মূল্য দিয়াৰ পিছতো ওজনত কম সামগ্রী লাভ কৰিবলগীয়া হৈছে৷

বিশেষকৈ উলুবাৰী, উজানবজাৰ, ফটাশিল আমবাৰী, কুমাৰপাৰা, আজাৰা, মালিগাঁও, পাণ্ডুকে ধৰি বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে ওজনৰ হেৰফেৰ কৰি প্রতিকেজিত ৮০ৰ পৰা ১৭০ গ্রাম কমকৈ সামগ্রী গ্রাহকক বিক্রী কৰি আহিছে৷ শেহতীয়াকৈ মাছ–মাংস বিক্রী কৰা একাংশ অসাধু ব্যৱসায়ীয়ে কম্পিউটাৰ কাঁটাত কৌশলেৰে ওজনৰ হেৰফেৰ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে৷ এনেদৰে প্রতিকেজি মাংসত ৮০ৰ পৰা ১৭০ গ্রাম কমকৈ গ্রাহকক দি অসাধু ব্যৱসায়ীয়ে প্রতিদিনে ৮০০ৰ পৰা ২০০০ টকাপর্যন্ত মুনাফা আদায় কৰি আহিছে৷ ওজনৰ হেৰফেৰ কৰিয়েই ২০ৰ পৰা ৬০ হাজাৰ টকাপর্যন্ত অতিৰিক্তভাৱে আয় কৰিছে অসাধু মাংসৰ ব্যৱসায়ীয়ে৷ নিয়ম অনুসৰি ব্যৱসায়ীসকলে কম্পিউটাৰ কাঁটা প্রতি বছৰে পুনৰ নৱীকৰণ কৰিব লাগে৷ বেলেগ বেলেগ ওজনৰ দগাসমূহ প্রতি দুবছৰৰ মূৰে মূৰে পুনৰ নৱীকৰণ কৰিব লাগে৷ কিন্তু অসাধু ব্যৱসায়ীসকলে দগাৰ নৱীকৰণ নকৰাকৈ বছৰৰ পিছত বছৰ ধৰি ব্যৱসায় চলাই আহিছে৷ নীতি–নির্দেশনা উলংঘাৰে অসাধু ব্যৱসায়ীয়ে ব্যৱসায় চলাই অহাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইফালে, বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্রাহকে৷

You might also like