নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনস্বাস্থ্যলৈ ভাবুকিঃ জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে মহানগৰীত মাছ–মাংসৰ বিক্রী নিষিদ্ধ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে মুকলিকৈ মাছ–মাংসৰ ব্যৱসায় চলাই আহিছে৷ পৌৰ নিগম কর্তৃপক্ষই এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ অস্বাস্থ্যকৰ পৰিৱেশতে ব্যৱসায়ীসকলে মাছ–মাংস বিক্রী কৰি আহিছে৷

জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি কালি পৌৰ আয়ুক্ত দেৱাশিস শর্মাই এক নির্দেশনাযোগে জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে মহানগৰীত মাছ–মাংস বিক্রীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰে৷ নির্দেশটোত উল্লেখ কৰা অনুসৰি অস্বাস্থ্যকৰ পৰিৱেশ আৰু মুকলিকৈ মাছ–মাংস ব্যৱসায়ীসকলে বিক্রী কৰিব নোৱাৰিব৷

গুৱাহাটী পৌৰ নিগম আইন অনুসৰি এই নির্দেশনা উলংঘা কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে পৌৰ নিগম কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷

লক্ষণীয় যে মহানগৰীৰ বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত আৰু মুকলিকৈ ব্যৱসায়ীসকলে মাছ–মাংস বিক্রী কৰি আহিছে৷

You might also like