নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিছিল প্ৰেমিকাক পলুৱাই নিবলৈ; উঠাই নিলে প্ৰেমিকাৰ মাকক! জানক সম্পূৰ্ণ ঘটনা…

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচিত এজন প্রেমিকে তেওঁৰ প্ৰেয়সীক ঘৰৰ পৰা পলোৱাই নিবলৈ আহিছিল, কিন্তু লগতে প্ৰয়সীৰ মাতৃকো লৈ যায়।

এই ঘটনাটো শুকুৰবাৰৰ। বিহাৰৰ নালন্দাৰ পৰা সম্পূৰ্ণ পৰিকল্পনা কৰি প্ৰেমিক চন্দন নাবালিগে তেওঁৰ প্ৰেমিকাক নিবলৈ গাঁৱত উপস্থিত হৈছিলগৈ। তাৰপাছত প্ৰমিকাক কাৰত বহোৱাই থিক যাবলৈ লওতেই সেই সময়তে প্ৰমিকাৰ মাতৃয়ে দেখা পায় বাধা দিয়ে। কিন্তু প্ৰেমিক চন্দনে নিজৰ বাহনত ড্ৰাইভাৰৰ সহায়ত প্ৰেমিকাৰ মাতৃকো বলপূৰ্বকভাৱে উঠায় লয় আৰু তেওঁক কিছুদূৰ নিলগত নমাই দি পলায়ন কৰে। ইতিমধ্যে, পিছফালৰ পৰা অহা পৰিয়ালৰ লোকে পাছত মাতৃক উদ্ধাৰ কৰে।

ইপিনে ৰাস্তাত লগাই থোৱা চিচি টিভিৰ সহায়ত বাহনখনৰ নম্বৰ লৈ আৰক্ষীয়ে পাছত প্ৰেমিক চন্দনক গ্ৰেপ্তাৰ কৰে। পাছত নাবালিকা প্ৰেমিকাগৰাকীক তেওঁৰ পৰিয়ালক গতাই দিয়া হয়।

You might also like