নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাছচালক’ বন্ধুলৈ দাদা চাহেব ফাল্কে বঁটা উৎসর্গা কৰিলে ৰজনীকান্তে

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ দক্ষিণৰ জনপ্রিয় অভিনেতা ৰজনীকান্তই দাদাচাহেব ফাল্কে বঁটা উৎসর্গা কৰিছে তেওঁৰ বাছচালক বন্ধু ৰাজ বাহাদুৰলৈ৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে কেন্দ্রীয় চৰকাৰে যশস্বী অভিনেতাগৰাকীলৈ দাদাচাহেব ফাল্কে বঁটা ঘোষণা কৰিছে৷

এই বঁটাৰে সন্মানিত কৰিবলৈ ওলোৱা বাবে ৰজনীকান্তই ছ’চিয়েল মিডিয়া টুইটাৰযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদী তথা কেন্দ্রীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি বাছচালক বন্ধু ৰাজ বাহাদুৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে৷

উল্লেখনীয় যে ৰাজ বাহাদুৰৰ বাবেই বাছ কণ্ডাক্টৰ হৈ থকা ৰজনীকান্তই অভিনয়ৰ ক্ষেত্রখনলৈ যোৱাৰ সুযোগ লাভ কৰিছিল৷ ৰাজ বাহাদুৰে অভিনয়ৰ জগতখনলৈ যোৱাৰ বাবে ৰজনীকান্তক বাৰে বাৰে উৎসাহিত কৰিছিল৷

সেইবাবে অভিনেতা ৰজনীকান্তই ৰাজ বাহাদুৰক ধন্যবাদ জ্ঞাপনৰ সময়ত উল্লেখ কৰিছে যে তেওঁৰ অভিনয় দক্ষতা আৱিষ্কাৰ কৰিছে বাহাদুৰে৷ অকল সেয়াই নহয়, বাহাদুৰৰ অনুপ্রেৰণাৰ বাবেই তেওঁৰ অভিনয় ক্ষেত্রখনত আজি খ্যাতি লাভৰ সুযোগ পাইছিল৷

গতিকে দাদা চাহেব ফাল্কে বঁটা দীর্ঘদিনৰ বন্ধু ৰাজবাহাদুৰলৈ উৎসর্গা কৰিছে ৰজনীকান্তই৷ ইফালে ভাতৃ সত্যনাৰায়ণ ৰায় গাইকোৱাড়লৈও ধন্যবাদ জনাইছে অভিনেতাগৰাকীয়ে৷ ভাতৃৰ ত্যাগৰ বাবেও ৰজনীকান্তই অভিনেতা হোৱাৰ সুযোগ লাভ কৰিছিল৷

You might also like