নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কালত শিক্ষা সংকট

ক’ভিড–১৯ মহামাৰী মানৱ জাতিৰ ইতিহাসত ভয়ংকৰ বিপর্যয় হিচাপে চিহ্ণিত হৈ থাকিব৷ প্রাণঘাতী এই মহামাৰীয়ে ইতিমধ্যে বিশ্বজুৰি প্রায় ৭ লাখ লোকৰ প্রাণ কাঢ়িছে৷ ইয়াৰ দ্বাৰা আক্রান্ত হৈছে ১ কোটি ৮৫ লাখতকৈ অধিক লোক৷ কিন্তু এই মহামাৰীয়ে ২১ শতিকাৰ পৃথিৱীত অর্থনৈতিক, সামাজিক আৰু শৈক্ষিক ক্ষেত্রত যি প্রতিকূল প্রভাৱ পেলাইছে সেয়া যিকোনো প্রাকৃতিক বিপর্যয় তথা সশস্ত্র সংঘাততকৈ অধিক ভয়াৱহ৷ শেহতীয়াকৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে ঘোষণা কৰিছে যে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিশ্বজুৰি শিক্ষানুষ্ঠানবোৰ কেইবামাহো ধৰি বন্ধ হৈ থকাৰ ফলত ১০০ কোটি শিক্ষার্থীৰ জীৱনলৈ নামি আহিব অমানিশা৷ জুলাই মাহৰ মাজভাগলৈ বিশ্বৰ ১৬০খনতকৈ অধিক দেশত বন্ধ হৈ আছিল শিক্ষানুষ্ঠানবোৰ৷ শেহতীয়াকৈ কেইখনমান দেশে শিক্ষানুষ্ঠান পুনৰ মুকলি কৰিছে যদিও ক’ভিড উত্তৰকালত শৈক্ষিক পৰিৱেশ সম্পূর্ণৰূপে বিনষ্ট হৈছে৷ বাৰে বাৰে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্ ঘোষণা কৰি আহিছে যে ক’ভিড–১৯ মহামাৰী মানৱ ইতিহাসৰ এক মহাবিপর্যয়৷ এই বিপর্যয়ৰ ফলত বিশ্বজুৰি সৃষ্টি হ’ব ভয়াৱহ অর্থনৈতিক বৈষম্য৷ কর্মঠ কোটি কোটি লোকে জীৱিকাৰ পথ হেৰুৱাবলগীয়া হৈছে মহামাৰীৰ বাবে৷ উৎপাদন ক্ষেত্রসমূহ বন্ধ হৈ পৰাৰ ফলত দেশত দাৰিদ্র্যপীড়িত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ আনফালে সামাজিক ক্ষেত্রত বৃদ্ধি পাইছে অসহিষ্ণুতা তথা বিভিন্ন সংঘাত৷ অর্থাৎ ক’ভিড–১৯ সংকটে মানৱ জাতিৰ বাবে অকল এটা দিশতে বিপর্যয় কঢ়িয়াই অনা নাই৷ সকলো দিশতেই বিশ্বৰ মানৱ সমাজ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ক’ভিড–১৯ক মহামাৰী ঘোষণা কৰাৰ পূর্বে গুটেৰেছে সতর্কবাণী কৰিছিল যে বিশ্বত ৪০ নিযুত শিশুৱে বিদ্যালয়ৰ মজিয়া গচকিবলৈ সক্ষম হোৱা নাই৷ চলিত শৈক্ষিক বর্ষটোত ইমানসংখ্যক শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে৷ সমগ্র পৃথিৱীত অশিক্ষাৰ অন্ধকাৰত নিমজ্জিত হৈ আছে ২৫ কোটিতকৈ অধিক শিশু তথা কিশোৰ–কিশোৰী৷ এনে এক পৰিস্থিতিত ক’ভিড–১৯ মহামাৰী হৈ পৰিছে নতুন বিপর্যয়৷
বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ এনে উদ্বেগজনক তথ্য সত্ত্বেও কোনো দেশে শিক্ষার্থীসকলৰ ভৱিষ্যত কি হ’ব তাক লৈ বিশেষ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই৷ পূর্বৰ শৈক্ষিক ব্যৱস্থাৰ পৰিৱর্তন ঘটাই সংকটকালত বিকল্প শৈক্ষিক ব্যৱস্থাৰ উদ্ভাৱনৰ ক্ষেত্রতো কোনো দেশে আগবঢ়োৱা নাই পৰামর্শ৷ পৰিণতিত কেইবাটাও দশকলৈ শৈক্ষিক ক্ষেত্রখনত বিপর্যয় চলি থকাৰ আশংকা ঘনীভূত হৈছে৷ মহামাৰীৰ সময়ত এনে বিষয়বোৰক গুৰুত্ব দিয়াৰ বাবে আন্তর্জাতিক সংস্থাসমূহে সকলো দেশকে আহ্বান জনাই আহিছে যদিও দুর্যোগৰ মুহূর্তত বিশ্বজুৰি সংঘাত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ মহামাৰীৰে মোকাবিলা কৰিবলৈ ঐক্যবদ্ধ বিশ্বৰ পোষকতা ৰাষ্ট্রসংঘই কৰি আহিছে যদিও সমৃদ্ধিশালী দেশসমূহৰ মাজত বৃদ্ধি পাইছে বিবাদ৷ চীনক দোষী সাব্যস্ত কৰিবলৈ ইউৰোপ আৰু আমেৰিকাই নতুন বিতর্কৰ সৃষ্টি কৰিছে৷ চীনৰ য়ুহান চহৰৰ পৰা পৃথিৱীৰ সকলো দেশলৈ ক’ভিড–১৯ মহামাৰী বা ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটিছে৷ গতিকে বিশ্বজুৰি বাণিজ্য সম্প্রসাৰণৰ উদ্দেশ্যে চীনে ক’ভিড–১৯ মহামাৰী পৰীক্ষাগাৰত উদ্ভাৱন কৰি উন্নত দেশসমূহলৈ বিয়পাই দিয়া বুলি অভিযোগ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্প আৰু ইউৰোপীয় দেশসমূহে৷ এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি আন্তর্জাতিক সংস্থাসমূহে এতিয়া সংঘাত বা মতানৈক্যৰ সময় নহয় বুলি সকলোকে সতর্কবাণী কৰিছে যদিও যিমানেই মহামাৰীৰ সংহাৰ ভয়াৱহ হৈছে সিমানেই মতবিৰোধ তীব্রতৰ হৈছে৷ পৰিণতিত মহামাৰীয়ে সৃষ্টি কৰা বিভিন্ন দুর্যোগবোৰক লৈ পর্যালোচনা কৰাৰ অৱকাশ নোহোৱা হৈছে আন্তর্জাতিক সম্প্রদায়ৰ৷ সমৃদ্ধিশালী দেশসমূহে এটা শৈক্ষিক বর্ষত বিশ্বৰ ১০০ কোটি শিশুৱে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব পাৰে বুলি জানিও কোনোধৰণৰ উদ্বেগ প্রকাশ কৰা নাই বা ইয়াৰ পৰা পৰিত্রাণৰ উপায় বিচৰাও নাই৷ এনে পৰিস্থিতিত হতাশ হ’বলগীয়া হৈছে ৰাষ্ট্রসংঘৰ দৰে সংস্থাসমূহে৷ সঁচাকৈয়ে ক’ভিড–১৯ মহামাৰীয়ে মানৱ জাতিৰ ভৱিষ্যতৰ বাবে কঢ়িয়াই আনিব নেকি অকল্পনীয় দুর্যোগ সঁচাকৈয়ে ক’ভিড–১৯ মহামাৰীয়ে কোটি কোটি শিশুক অপুষ্টি আৰু অশিক্ষাৰ অন্ধকাৰত নিক্ষেপ কৰিব নেকি

You might also like