অসমৰ ৩৮ শতাংশ মিঞা
বাংলাদেশী অনুপ্রৱেশকাৰীয়ে অসমৰ ১৬খন জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটাই খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ ভৱিষ্যৎ বিপন্ন কৰাৰ সময়তে আগন্তুক লোকপিয়লত ৰাজ্যখনত মিঞা জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধি হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিস্ফোৰণ ঘটাইছে৷ যোৱা ১০ অক্টোবৰত ডিব্রুগড়ত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণাই বিশেষ তাৎপর্য বহন কৰিছে এই কাৰণেই যে ২০১১ চনৰ পাছত অসমত লোকপিয়ল প্রস্তুত হোৱা নাই৷ নিয়ম অনুসৰি ১০ বছৰৰ মূৰত লোকপিয়ল প্রস্তুত কৰা হয়৷ ২০২১ত প্রকাশ হ’ব লগা লোকপিয়লৰ প্রাৰম্ভিক কাম–কাজ এতিয়াও আৰম্ভ হোৱা নাই৷ কিন্তু ২০১১ৰ লোকপিয়লৰ তথ্যতে উন্মোচন হৈছিল কিদৰে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে বাংলাদেশী অনুপ্রৱেশকাৰীৰ আগ্রাসনৰ সন্মুখীন হৈ ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে৷ ১৯০১ চনৰ ধর্মভিত্তিক জনগাঁথনি অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৯০.২ শতাংশ হিন্দুৰ বিপৰীতে মুছলমান জনসংখ্যা আছিল ৯.৫০ শতাংশ৷ ১৯৫১ত অসমৰ হিন্দু জনসংখ্যা ৭২.০১ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে ২৪.৯৬ শতাংশলৈ বৃদ্ধি হৈছিল মুছলমান জনসংখ্যা৷ ১৯৬১ত হিন্দু জনসংখ্যাৰ ৭১.৩৭ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হৈছিল ২৫.৬৫ শতাংশলৈ৷ ১৯৭১ত হিন্দু জনসংখ্যা সামান্য পৰিমাণে বৃদ্ধি হৈ ৭২.৫১ শতাংশ হৈছিল৷ ইয়াৰ বিপৰীতে মুছলমান জনসংখ্যা আছিল ২৪.৫৬ শতাংশ৷ ১৯৯১ৰ হিন্দু জনসংখ্যাৰ হ্রাসৰ পৰিমাণ অব্যাহত থাকে আৰু ৬৭.১৩ শতাংশলৈ অৱনমিত হয়৷ ইয়াৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হয় ২৮.৪৩ শতাংশ৷ ২০০১ৰ লোকপিয়লত অসমৰ হিন্দু জনসংখ্যা ৬৪.৮৯ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হৈছিল ৩০.৯২ শতাংশ৷ অসমৰ শেহতীয়া ২০১১ৰ লোকপিয়লত হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি হৈছিল ৩৪.২২ শতাংশ৷ অসমৰ হিন্দু জনসংখ্যা হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধিৰ অন্তৰালত কেইবাটাও কাৰণ আছে৷ মুছলমানৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ অন্তৰালত আছে চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশ আৰু জন্ম হাৰ বৃদ্ধি৷ বিশেষকৈ বাংলাদেশ সীমান্তৱর্তী ধুবুৰী, গোৱালপাৰা, কৰিমগঞ্জকে ধৰি সীমামূৰীয়া জিলাসমূহৰ জনগাঁথনি পৰিৱর্তনৰ ছবিখনে এই কথা স্পষ্টভাৱে প্রতিফলন কৰিছে৷ ব্রহ্মপুত্রক মুখ্য সংযোগী পথৰূপে ব্যৱহাৰ কৰি বিগত সময়ছোৱাত বাংলাদেশী অনুপ্রৱেশকাৰীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ আগ্রাসনৰ জাল পেলাইছে৷ বাংলাদেশী অনুপ্রৱেশকাৰীৰ এনে আগ্রাসনৰ বাবে মাথোঁ ধুবুৰী অথবা গোৱালপাৰা জিলাতেই নহয়, কোককৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি জিলাৰ জনগাঁথনি সলনিৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু জীৱিকাৰ গতি তীব্র ভাবুকিৰ সৃষ্টি কৰিছে৷
অসমৰ শেহতীয়া জনগাঁথনি পৰিৱর্তন যে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ বাবে জীৱন–মৰণৰ সমস্যা সেয়া প্রতিজন বিবেকৱান লোকে উপলব্ধি কৰিছে৷ কিন্তু এনে জটিল সন্ধিক্ষণতো ৰাজ্যখনৰ দল–সংগঠনসমূহে যিদৰে স্পর্শকাতৰ বিষয়টোক লৈ সজাগ হ’ব লাগিছিল সেয়া এতিয়াও পৰিলক্ষিত হোৱা নাই৷ বৰঞ্চ ভোটবেংকৰ ৰাজনীতিক লৈয়ে তোষামোদত ব্যস্ত হৈ পৰা একাংশ দল–সংগঠনে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ বিপন্ন কৰিবলৈ চক্রান্তত লিপ্ত হৈছে৷ ৰাজ্যখনত খিলঞ্জীয়া লোকসকলৰ আধিপত্য আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ হ’লে নিশ্চিতভাৱে এলানি কঠোৰ পদক্ষেপ আৰু সাংবিধানিক ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ বিদেশী বহিষ্কৰণৰ দাবীত অসমবাসীয়ে ৪০ বছৰ পূর্বে ছবছৰীয়া আন্দোলনৰ জৰিয়তে দেশৰ ভিতৰতে বিৰল আদর্শ দেখুৱাইছিল৷ ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ ৬ নম্বৰ দফাত স্পষ্টভাৱে উল্লেখ আছিল অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো৷ অসম চুক্তি ৰূপায়ণৰ ৪০ বছৰ অতিক্রম কৰিলে যদিও অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে কোনো পদক্ষেপ আজিকোপতি গ্রহণ কৰা নহ’ল৷ ৰাজ্যখনৰ অসমীয়াকে ধৰি খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে ২০২৪ৰ ৭ ছেপ্টেম্বৰত প্রতিবেদন দাখিল কৰিছিল৷ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা প্রতিবেদনখনত ৫২টা পৰামর্শ সমিতিখনে আগবঢ়াইছিল৷ ৰাজ্যখনত খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিবলৈ এই পৰামর্শৱলী যথেষ্ট নহয়৷ এইক্ষেত্রত আৰু অধিক কঠোৰ সিদ্ধান্ত গ্রহণ কৰাৰ প্রয়োজন হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিধানসভাত দুখন কঠোৰ বিধেয়ক উত্থাপন কৰিব৷ কিন্তু প্রস্তাৱিত বিধেয়কৰ কি কি বিষয়ক অগ্রাধিকাৰ দিয়া হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ খিলঞ্জীয়া লোকসকলক সুৰক্ষা কৱচ প্রদানত কেন্দ্রীয় চৰকাৰেও দৃঢ়তা প্রদর্শন কৰিব লাগিব৷ অন্যথা বাংলাদেশৰ পৰা দশক দশক ধৰি চলি থকা অনুপ্রৱেশকাৰীৰ সমস্যাৰ পৰা খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰাটো কোনোপধ্যে সম্ভৱ নহ’ব৷ ৰাজ্যখনত সমষ্টি পুনর্গঠন প্রক্রিয়াৰ জৰিয়তে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক সুৰক্ষিত কৰাৰ পদক্ষেপ লোৱা হৈছে৷ এনে পদক্ষেপে সাময়িকভাৱে লোকসভা আৰু বিধানসভাৰ নির্বাচনত কিছু পৰিমাণে খিলঞ্জীয়া লোকসকলক সহায় কৰিলেও দীর্ঘকাল সুৰক্ষিত কৰিব নোৱাৰে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক চিনাক্ত কৰি অসমত প্রভুত্ব ৰক্ষাৰ বাবে এলানি আইনগত আৰু সাংবিধানিক ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ খিলঞ্জীয়া লোকসকলে উত্থাপন কৰা জনজাতিকৰণৰ দাবীকো দিল্লী আৰু দিছপুৰৰ চৰকাৰে ইতিবাচক সঁহাৰি প্রদান কৰা উচিত৷ সামগ্রিকভাৱে অসমখনক জনজাতীয় ৰাজ্য ঘোষণা নকৰিলে মিঞাই অসমখনক দ্বিতীয় বাংলাদেশত পৰিণত কৰিবলৈ অধিক সময়ৰ প্রয়োজন নহ’ব৷