নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুষ্ট প্রকৃতি

উত্তৰ ভাৰতৰ ৰাজ্যসমূহত প্রাকৃতিক বিপর্যয়ৰ ঘটনা নতুন নহয়৷ ২০১৩ চনত কেদাৰনাথৰ ঘটনাৰ দুঃখজনক স্মৃতি এতিয়াও মানুহৰ মাজত সতেজ হৈ আছে৷ কিন্তু ক্রমান্বয়ে প্রাকৃতিক দুর্যোগৰ ঘটনা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ ডাৱৰ বিস্ফোৰণ আৰু পাহাৰত ভূমিস্খলনৰ ঘটনা পূর্বতে ইমান সংঘটিত হোৱা নাছিল৷ হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহত বিশেষকৈ উত্তৰ ভাৰতৰ তিনিখন ৰাজ্যত বাৰে বাৰে প্রকৃতিয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ এই তিনিওখন ৰাজ্যই উত্তৰ ভাৰতৰ৷ দেশ–বিদেশৰ পর্যটকসকলৰো এই তিনিওখন ৰাজ্যই আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত হৈ আহিছে৷ ইমানদিনে পর্যটনস্থলী হিচাপে খ্যাত এই ৰাজ্যকেইখনলৈ যোৱাৰ আগতে এতিয়া পর্যটকসকলে ১০বাৰ ভাবিবলগীয়া হৈছে৷ আনকি তাত কাম কৰা জনসাধাৰণেও তীব্র আতংক আৰু সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ কিয়নো মাত্র এমাহৰ ভিতৰতে তিনিওখন ৰাজ্যৰ বিভিন্ন স্থানত প্রকৃতিয়ে ধ্বংসলীলা চলাই বহু লোকৰ প্রাণ কাঢ়ি নিছে৷ যোৱা ৫ আগষ্টত উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত হঠাতে ক্ষীৰগংগা নদীত প্রলয়ংকৰী বান আহিছিল৷ পানীৰ তীব্র সোঁতে কেইবাখনো গাঁও নিমিষতে নিশ্চিহ্ণ কৰি পেলাইছিল৷ কেইবাজনো লোকে এই ঘটনাত প্রাণ হেৰুওৱাৰ উপৰি সন্ধানহীন হয় কেইবাজনো লোক৷ ৬ আগষ্টত হিমাচল প্রদেশৰ কিন্নৌৰত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণত প্রচণ্ড বানৰ সৃষ্টি হয়৷ এই বানত উটি যায় টাংলিঙৰ ওপৰৰ অস্থায়ী সেতু৷ পথতে আবদ্ধ হৈ পৰে অসংখ্য লোক৷ ৪০০ৰো অধিক তীর্থযাত্রীক কোনোমতে উদ্ধাৰ কৰা হয়৷ এই ঘটনাৰ এসপ্তাহৰ পিছতে জম্মু–কাশ্মীৰৰ কিওৱাৰাত অনুৰূপ ধৰণে ডাৱৰ বিস্ফোৰণৰ ফলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ পানীৰ সোঁতত উটি যায় বহু পৰিয়ালৰ ঘৰ–দুৱাৰ৷ ৩০ আগষ্টত পুনৰ জম্মুৰ ৰামবন জিলাৰ ৰাজবাগত প্রবল বান আহে৷ এই বানত এখন বিদ্যালয় উটি যোৱাৰ লগতে কেইবাজনো মৃত্যুমুখত পৰে আৰু সন্ধানহীন হয় আন কেইবাজনো লোক৷ চৰকাৰী হিচাপ অনুসৰিয়ে ১৪ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত জম্মু আৰু কাশ্মীৰত প্রাকৃতিক দুর্ঘটনাত মুঠ ১৩৮গৰাকী লোকৰ মৃত্যু হৈছে৷ আনহাতে, হিমাচলত বিগত দুটা মাহত প্রাকৃতিক দুর্যোগে ১৯৪গৰাকী লোকৰ প্রাণ কাঢ়ি নিছে৷
এনে সঘন প্রাকৃতিক বিপর্যয়ৰ অন্যতম কাৰণ হিচাপে চিহ্ণিত হৈছে জলবায়ুৰ পৰিৱর্তন৷ ইয়াৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে হিমালয়ৰ পাদদেশ আৰু উপকূল অঞ্চল৷ চলিত বর্ষত উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৰষুণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে৷ বতৰ বিজ্ঞানীৰ মতে গড় দৃষ্টিপাতৰ তুলনাত এইপর্যন্ত ১১ শতাংশ অধিক বৰষুণ হৈছে হিমাচলত৷ অনুৰূপ চিত্র দেখা গৈছে জম্মু আৰু কাশ্মীৰত৷ বিগত সময়ছোৱাত তাত বৰষুণ হৈছে স্বাভাৱিকতকৈ ২৬০ শতাংশৰো অধিক৷ ভূ–বিজ্ঞানীসকলৰ ভাষ্য অনুসৰি এনে অতিবৃষ্টিৰ ফলতেই সৃষ্টি হৈছে ভয়াৱহ প্রাকৃতিক বিপর্যয়৷ কাৰণ অতিপাত বৰষুণৰ বাবে ভূগর্ভৰ জলস্তৰ বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে বৃদ্ধি পাইছে খহনীয়াৰ প্রৱণতা৷ নদীসমূহত পানীৰ পৰিমাণ বাঢ়িছে আৰু বহন ক্ষমতা অতিক্রম কৰাত সেই জলভাগেই প্রবল সোঁতেৰে জনাঞ্চলত প্রৱেশ কৰিছে৷ এই সকলোৰে সমান্তৰালভাৱে আছে উষ্ণতা৷ হিমালয় অঞ্চলত গড় তাপমাত্রা বৃদ্ধি পোৱাৰ ফলতো এনেধৰণৰ প্রাকৃতিক দুর্যোগৰ ঘটনা বাঢ়িছে৷ গৰম বতাহ পাহাৰীয়া ঠাণ্ডা বতাহৰ সৈতে মিলি হঠাতে আৰু প্রবল বৃষ্টিপাতৰ কাৰণ হৈ পৰিছে৷ অৱশ্যে বিশেষজ্ঞসকলৰ অধিকাংশৰ ধাৰণা, হিমালয় সংলগ্ণ ৰাজ্যসমূহত সঘন প্রাকৃতিক দুর্যোগৰ বাবে জলবায়ু যিমান দায়ী, তাতকৈও অধিক দায়ী মানুহ৷ উত্তৰাখণ্ড, হিমাচল প্রদেশৰ দৰে ৰাজ্যসমূহত গ্রীষ্মকালত অতিমাত্রা গৰম আৰু শীতৰ প্রকোপ যথেষ্ট বৃদ্ধি পাইছে৷ ইয়াৰ প্রাথমিক কাৰণ উষ্ণতা৷ অৱশ্যে ইয়াৰ বাহিৰেও কিছুমান অন্য কাৰণো আছে৷ তেনে কাৰণবোৰ হ’ল– মাটিৰ গুণাগুণ বিচাৰ নকৰাকৈ কৰা অত্যধিক নির্মাণকার্য৷ ইয়াৰ উপৰি জধে–মধে গছ কটা আদি৷ পর্যটনৰ উন্নয়নৰ নামত অনিয়ন্ত্রিত আৰু বে–আইনীভাৱে পাহাৰৰ বুকুত অব্যাহত আছে নির্মাণকার্য ইয়াৰ বাবে অসংখ্য গছ–গছনি কাটিবলগীয়া হোৱাত পাহাৰৰ মাটিয়ে নিজৰ চৰিত্র হেৰুৱাইছে৷ ফলত ঘনে ঘনে নামি আহিছে বান৷ কিছুমান ঠাইত নদীৰ বুকুতে গঢ়ি উঠিছে হোটেল, ৰাস্তা৷ পাহাৰীয়া নদীৰ স্বাভাৱিক গতিপথ ব্যাহত কৰি অধিক সংকীর্ণ কৰি বান্ধি পেলোৱা হৈছে৷ ফলত প্রবল বৰষুণ আহিলেই পানীৰ পৰিমাণ বৃদ্ধি হৈ ভাহি যায় নদীৰ কুল৷ ৰে’লৰ সুৰংগ নির্মাণৰ বাবে পাহাৰত বিস্ফোৰণ ঘটোৱা হৈছে৷ গাড়োৱাল–কুমায়ুনত কুমায়ুন হাইড্র’লিক প্রকল্পৰ কাম চলি আছে৷ ইয়াৰ উপৰি ৩২০টা প্রকল্পৰ জৰীপৰ কাম সম্পন্ন হৈছে৷ কংক্রিটেৰে আৱৰি পেলোৱা হৈছে সমগ্র হিমালয়৷ ইয়াৰ উপৰি হিমালয় অঞ্চলত কেইবাহাজাৰ হিমবাহ সৃষ্ট হ্রদ আছে৷ বিগত কেইবা দশকৰ পৰা এই হ্রদৰ সংখ্যা বৃদ্ধি পাইছে৷ উষ্ণায়নৰ কাৰণে হিমবাহসমূহ দ্রুতভাৱে গলিবলৈ লোৱাত হ্রদবোৰৰ জলস্তৰ বৃদ্ধি পাইছে৷ ফলত বানৰ আংশকাও বৃদ্ধি পাইছে৷ কেদাৰনাথৰ বিপর্যয়ৰ পাছত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীয়ে দিয়া পৰামর্শ অনুযায়ী ভূ–প্রকৃতিগত কাৰণত এই অঞ্চলত হাইড্র’পাৱাৰ প্রকল্প নির্মাণ কৰা বিপজ্জনক৷ কিন্তু এই পৰামর্শলৈ চৰকাৰ তথা নির্মাণকাৰী সংস্থানসমূহে কর্ণপাত নকৰাত প্রকৃতি ৰুষ্ট হৈ পৰিছে৷

You might also like