নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাকৃতিক সম্পদৰ সংৰক্ষণ

এখন সুস্থ সমাজৰ বাবে এটি সুস্থ প্রাকৃতিক পৰিৱেশৰ অর্থাৎ এখন সুস্থ সমাজৰ মূল ভেটি হৈছে এটি সুস্থ প্রাকৃতিক পৰিৱেশ৷ প্রকৃতিপ্রদত্ত সম্পদসমূহৰ পৰাই মানুহে দৈনন্দিন জীৱন ধাৰণ কৰে৷ প্রকৃতিৰ পৰা লাভ কৰা বায়ু, পোহৰ, ৰ’দ, মাটি, খনিজ পদার্থ, তেল আৰু পানীকে ধৰি অত্যাৱশ্যকীয় সামগ্রীসমূহৰ পৰাই মানুহে জীৱন যাপন কৰে৷ বিশ্বত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত প্রাকৃতিক সম্পদসমূহৰ ব্যৱহাৰো অত্যধিক পৰিমাণে বৃদ্ধি পাইছে৷ বর্তমান পৃথিৱীত জনসংখ্যা প্রায় ৮ বিলিয়ন৷ ২০৩৭ চনত এই সংখ্যাই ৯ বিলিয়ন অতিক্রম কৰিব বুলি ধাৰণা কৰা হৈছে৷ এই বৃহৎসংখ্যক লোকে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিবলৈ লোৱাৰ ফলত ভৱিষ্যৎ প্রজন্মৰ বাবে প্রাকৃতিক সম্পদসমূহ হয়তো চিৰদিনলৈ হেৰাই যাব আৰু সমগ্র বিশ্ববাসী এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব৷ মানুহে জধে-মধে ব্যৱহাৰ কৰাৰ ফলত আৰু নিতৌ অব্যাহত ৰখা ধ্বংসকার্যৰ ফলত বহু প্রাকৃতিক সম্পদ ক্রমান্বয়ে হ্রাস পাইছে আৰু সমান্তৰালভাৱে আৰম্ভ হৈছে বিভিন্ন প্রাকৃতিক দুর্যোগ৷ এনে অৱস্থাত প্রাকৃতিক সম্পদসমূহৰ সুৰক্ষাৰ ক্ষেত্রত গুৰুত্ব দিয়াটো অতিশয় প্রয়োজনীয় হৈ পৰিছে৷ অন্যথা কেইটামান দশকৰ পিছতে এই সম্পদসমূহ নিঃশেষ হৈ যাব৷ লগতে সমগ্র বিশ্বৰ মানৱ সমাজ এক ভয়াৱহ সংকটৰ সন্মুখীন হ’ব৷ ইয়াৰ মাজতো জনগণৰ বাবে এটা ভাল লগা কথা হৈছে এই যে আমি সচেতন হ’লে সহজে প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণ কৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে, মানৱ জীৱনৰ বাবে অতিশয় প্রয়োজনীয় প্রাকৃতিক সম্পদবিধ হৈছে পানী৷ বিজ্ঞানীসকলৰ মতে, ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ জলভাগৰ পানী প্রায় নিঃশেষ হৈ পৰিব৷ গতিকে, আমি ভৱিষ্যৎ প্রজন্মৰ বাবে অপর্যাপ্ত পানী সংৰক্ষণ কৰিবলৈ ইয়াৰ যথাসম্ভৱ কম ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ অপ্রয়োজনীয় কামত পানীৰ ব্যৱহাৰ নকৰি কেৱল প্রয়োজন অনুসৰি মিতব্যয়ী হৈ পানী ব্যৱহাৰ কৰা উচিত৷ সম্প্রতি বৃহৎ উদ্যোগ, অট্টালিকা, অত্যাধুনিক নির্মাণকার্য আদিত পানীৰ অত্যধিক ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ফলত ভূগর্ভৰ জলৰাশি দ্রুতগতিত হ্রাস পাইছে৷
মন কৰিলেই মানুহে অতি সহজে প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণ কৰিব পাৰে৷ ইয়াৰ ভিতৰত আন এক অন্যতম উপায় হৈছে গছপুলি ৰোপণ তথা বনধবংস ৰোধ কৰা৷ গছপুলি ৰোপণ কৰিলে মাটিৰ ক্ষয় কার্যও কমি যায়৷ তদুপৰি প্রাকৃতিক সম্পদৰ ব্যৱহাৰ যথাসম্ভৱ কমকৈ কৰাৰ উপৰি ইয়াৰ পুনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া প্রয়োজন৷ এইক্ষেত্রত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্রী নির্বাচন কৰিব লাগে৷ লগতে কাগজৰ ব্যৱহাৰ হ্রাস কৰি ডিজিটেলৰ ওপৰত মনোনিৱেশ কৰা, বিদ্যুৎ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা, অবিষাক্ত সামগ্রী ব্যৱহাৰ আদিৰ ওপৰত সকলোৱে গুৰুত্ব দিয়া প্রয়োজন৷ এনেদৰে প্রতিগৰাকী লোকে প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ ওপৰত মনোনিৱেশ কৰিলে ভৱিষ্যৎ প্রজন্মৰ বাবেও প্রাকৃতিক সম্পদ অপর্যাপ্ত পৰিমাণে থাকি যাব৷ সমগ্র বিশ্বত অনেক স্বেচ্ছাসেৱী সংগঠনে প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ হকে কাম কৰি আহিছে৷ এই সংগঠনসমূহে গ্রহণ কৰা কাম–কাজৰ প্রতি আমি প্রত্যেকে সহযোগ কৰিলেহে প্রাকৃতিক সম্পদ সংৰক্ষণৰ আন্দোলন অধিক ত্বৰান্বিত হ’ব৷ ইয়াৰ বাবে সকলোৱে নিজ নিজ পৰিয়ালৰ সদস্যসকলৰ মাজত এই বিষয়ে সচেতনতাৰ সৃষ্টি কৰিব লাগিব৷ তেতিয়াই সমাজৰ প্রতিগৰাকী ব্যক্তি সংশ্লিষ্ট বিষয়ৰ ওপৰত সচেতন হ’ব৷ আমি সন্তানকো প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ গুৰুত্ব সম্পর্কে শিক্ষা দিলেহে তেওঁলোকে ভৱিষ্যতে এই দিশত কাম কৰিবলৈ আগ্রহী হ’ব৷ সুদীর্ঘকাল একাংশ প্রকৃতিবিদে প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে নিজকে নিয়োজিত কৰি আহিছে৷ প্রকৃতি সংৰক্ষণৰ বাবে কাম কৰা জন মুইৰ, থি’ডৰ ৰুছভেল্ট, ৰাছেল কাৰছন, ডেভিদ এটেনবৰো, জেন গুবেলেৰ দৰে প্রখ্যাত প্রকৃতি সংৰক্ষণবিদসকলৰ বিষয়ে সৰুৰে পৰা ল’ৰা–ছোৱালীৰ মাজত সচেতনতাৰ সৃষ্টি কৰিলে তেওঁলোকেও পৰৱর্তী সময়ত এই সম্পর্কে শিক্ষিত হৈ পৰিব৷ আজিকালি সামাজিক মাধ্যমে সচেতনতা সৃষ্টিৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে৷ গতিকে, সামাজিক মাধ্যমত প্রকৃতি সংৰক্ষণ সম্পর্কীয় চিন্তা–ধাৰণা বিনিময় কৰিলে সমাজ উপকৃত হ’ব৷ বিশ্বৰ প্রাকৃতিক সম্পদসমূহৰ ৰক্ষাৰ বিষয়টোক লৈ উদ্বিগ্ণ হৈ প্রতিবছৰে ২৮ জুলাইৰ দিনটো প্রাকৃতিক সম্পদৰ সংৰক্ষণ দিৱস হিচাপে পালন কৰি আহিছে৷ বিশ্বজুৰি পৰিৱেশ সংৰক্ষণ সম্পর্কে সচেতনতা সৃষ্টিৰ বাবেই এই দিনটো পালন কৰা হয়৷ জলবায়ু পৰিৱর্তনৰ প্রত্যাহ্বান আৰু প্রাকৃতিক সম্পদসমূহৰ প্রয়োজনীয়তা সম্পর্কে মানুহক শিক্ষিত কৰা অতিশয় গুৰুত্বপূর্ণ৷ সেইবাবে পৰিৱেশ সংৰক্ষণৰ বাবে সকলো স্তৰতে পদক্ষেপ গ্রহণ কৰা উচিত আৰু এই দিৱসত প্রাকৃতিক সম্পদ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনোৱা হয়৷

You might also like