নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ প্রতিশ্রুতিৰে যুৱতীৰে সহবাস পাকিস্তানৰ অধিনায়ক বাবৰৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টি–২০ আৰু টেষ্ট শৃংখলাৰ পূর্বে ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম৷ বিয়াৰ প্রতিশ্রুতি দি এগৰাকী যুৱতীৰ সৈতে বছৰ বছৰ ধৰি সহবাস কৰি থকা বুলি তাৰকাগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে৷

লগতে পঢ়কঃ ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ

ভুক্তভোগী যুৱতীগৰাকীয়ে  এক সংবাদ মেলত দাবী কৰা অনুসৰি পাকিস্তানৰ তাৰকা ক্রিকেটাৰ বাবৰ আজমে তেওঁক ২০১০ চনতে বিবাহৰ প্রস্তাৱ দিছিল৷ তেওঁ এই প্রস্তাৱ গ্রহণ কৰি বাবৰৰ সৈতে বিয়াত বহিবলৈ সাজু হৈছিল৷ কিন্তু ক্রিকেটাৰগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ সলনি যুৱতীগৰাকীক ঘৰলৈ নি দীর্ঘদিন ধৰি সহবাস কৰি থাকে৷ ইয়াৰ ফলত যুৱতীগৰাকী অন্তঃসত্ত্বা হয় বুলিও তেওঁ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ স্কুলীয়া জীৱনৰে সংগী যুৱতীগৰাকীক পৰৱর্তী সময়ত ক্রিকেটাৰগৰাকীয়ে মাৰ–ধৰ কৰে আৰু অন্তঃসত্ত্বা হোৱাৰ কথা ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিবলৈ ভাবুকি দিয়ে৷ ক্রিকেটাৰ হিচাপে প্রতিষ্ঠিত হোৱাৰ পূর্বে বাবৰক তেওঁ আর্থিকভাৱেও যথেষ্ট সহায় কৰিছিল বুলি যুৱতীগৰাকীয়ে আজি সংবাদ মেলত দাবী কৰে৷

You might also like