নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ আৰু ৰঙালী বিহু

অতিমাৰী ক’ভিড–১৯ৰ দ্বিতীয় লহৰ চলি থকাৰ সময়তে দুৱাৰডলিত উপস্থিত হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু৷ ক’ভিড–১৯ৰ দ্বিতীয় পর্যায়ৰ সংক্রমণে সমগ্র বিশ্বৰ ২২৩খন দেশত সংক্রমণৰ ৰূপ লৈছে৷ ভাৰতবর্ষৰ লগতে অসমতো ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বাঢ়িবলৈ লৈছে৷ অৱশ্যে দেশৰ মহাৰাষ্ট্র, কর্ণাটক, তামিলনাডু, কেৰালা আদি ৰাজ্যৰ লেখীয়া অসমত ক’ভিড–১৯ৰ সংক্রমণ হোৱা নাই৷ বিগত তিনিটা দিনত দৈনিক প্রায় ৩০ হাজাৰ লোকৰ পৰীক্ষা কৰা হৈছে যদিও আক্রান্ত লোকৰ সংখ্যা এক শতাংশও স্পর্শ কৰা নাই৷ ক’ভিড–১৯ৰ বিভীষিকা বিগত দুটা বছৰত বিশ্ববাসীৰ লগতে অসমবাসীয়েও প্রত্যক্ষ কৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে সমাজৰ সর্বশ্রেণীৰ লোক ক্ষতিগ্রস্ত হৈছে৷ উদ্যোগ–বাণিজ্যৰ ক্ষেত্রত বিস্তৰ ক্ষতি হৈছে৷ আনকি লোকচানৰ বোজা সহিব নোৱাৰি বিগত এটা বছৰৰ ভিতৰত বুজনসংখ্যক ক্ষুদ্র উদ্যোগ, ব্যৱসায়িক–প্রতিষ্ঠা বন্ধ হৈছে৷ এনে অৱস্থাত ক’ভিড–১৯ৰ দ্বিতীয় লহৰে যাতে মহামাৰীৰ ৰূপ লৈ পৰিস্থিতিৰ অৱনতি ঘটাব নোৱাৰে তাৰ বাবে সকলো পক্ষই সজাগ–সচেতন হ’বই লাগিব৷ দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণ যিদৰে বাঢ়িবলৈ লৈছে, সেয়া কোনো কাৰণতে আমাৰ ৰাজ্যখনৰ বাবে শুভ লক্ষণ নহয়৷ অসমত সংক্রমিত লোকৰ সংখ্যা চিন্তনীয় নহ’লেও অতিমাৰীয়ে কেতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰে তাৰ নিশ্চয়তা নাই৷ কিয়নো বিমান, ৰে’ল আৰু ৰাষ্ট্রীয় ঘাইপথেৰে নিতৌ বহিঃৰাজ্যৰ পৰা অসমলৈ নিতৌ অসংখ্য লোক আহি আছে৷ বিগত এটা বছৰত ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে যিদৰে অভিজ্ঞতা আহৰণ কৰিছে একেদৰে সর্বসাধাৰণ ৰাইজ সজাগ হৈছে৷ চৰকাৰ আৰু ৰাইজৰ সহযোগিতাৰে এনে অতিমাৰী ক’ভিড–১৯ প্রতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷ ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাৰ পাছত ৰাজ্যখনৰ বিটিচিৰ নির্বাচন অনুষ্ঠিত হৈছে৷ শেহতীয়াকৈ তিনিটা পর্যায়ত ৰাজ্যখনৰ বিধানসভা নির্বাচনো হৈ গৈছে৷ নির্বাচনৰ সময়ত ৰাজনৈতিক দল তথা প্রার্থীৰ জনসভা–পথসভাত হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে৷ নির্বাচন শেষ হোৱাৰ এসপ্তাহৰ পাছতে হেঁপাহৰ ৰঙালী বিহুক অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি মহা আয়োজন চলিছে৷ ৰাজ্য চৰকাৰেও এইবাৰ ৰঙালী বিহু অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট বিহু উদ্যাপন সমিতিসমূহক সেউজ সংকেত দিছে৷ কিন্তু ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌ চলি থকাৰ সময়তে বিহু উদ্যাপনৰ সময়ত আমি সকলোৱে সজাগ–সচেতন হৈ থাকিব লাগিব৷ ক’ভিডসৃষ্ট পৰিস্থিতিয়ে যাতে ভয়ানক ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু বিহু উদ্যাপন সমিতিসমূহে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিব লাগিব৷
ৰঙালী বিহু উদ্যাপন কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নীতি–নির্দেশনাক কেন্দ্র কৰি একাংশ বিহু উদ্যাপন সমিতিয়ে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে৷ নিশা ১১ বজাৰ ভিতৰত ৰঙালী বিহুৰ কার্যসূচী সামৰাকে ধৰি যিবোৰ নির্দেশনা প্রশাসনে জাৰি কৰিছে সেয়া একাংশ বিহু উদ্যাপন সমিতিয়ে মানিবলৈ ৰাজি হোৱা নাই৷ আনকি একাংশ বিহু উদ্যাপন সমিতিৰ বিষয়ববীয়াই প্রতিবাদী কার্যসূচীও গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ একেদৰে একাংশ কণ্ঠশিল্পীয়েও প্রশাসনৰ নির্দেশনা মানিবলৈ ৰাজি হোৱা নাই৷ অৱশ্যে জুবিন গার্গ, অংগৰাগ পাপন মহন্তকে ধৰি একাংশ কণ্ঠশিল্পীয়ে প্রশাসনৰ নীতি–নির্দেশনাৰ ভিত্তিতেই অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগ্রহ ব্যক্ত কৰিছে৷ যোৱাবছৰ যিহেতু ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিহুৰ কোনো অনুষ্ঠান নহ’ল, এইবাৰ সীমাবদ্ধতাৰ মাজতো ৰঙালী বিহু অনুষ্ঠিত হোৱাটো সর্বসাধাৰণ ৰাইজে বিচাৰিছে৷ যি সময়ত দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ মহানগৰত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে, সেই সময়তে অসমত নিশা ১১ বজালৈ ৰঙালী বিহু অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ পাছতো একাংশ উদ্যাপন সমিতিয়ে বিৰোধিতা কৰা উচিত নহয়৷ ৰঙালী বিহুৰ কার্যসূচী অনুষ্ঠিত কৰাৰ সীমিত সময়সীমাৰ ভিতৰতে বিহুৰ কার্যসূচী সামৰিবলৈ উদ্যাপন সমিতিসমূহে পদক্ষেপ লোৱা উচিত৷ কিয়নো ক’ভিড–১৯ৰ গণসংক্রমণ হ’লে আকৌ লকডাউন–সান্ধ্য আইনৰ লেখীয়া কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বিকল্প পথ চৰকাৰ অথবা প্রশাসনৰ ওচৰত নাথাকিব৷ যোৱা বছৰ বিহুৰ বতৰত সৃষ্টি হোৱা বিভীষিকাময় পৰিস্থিতি অসমবাসীয়ে পাহৰি যোৱা নাই৷ ৰাজ্যখনৰ কোনো লোকে ক’ভিডসৃষ্ট বিভীষিকাৰ বাবে আকৌ লকডাউন অথবা সান্ধ্য আইন বলৱৎ হোৱাটো বিচৰা নাই৷ বিগত এটা বছৰত উদ্যোগ–বাণিজ্যৰ ক্ষেত্রতে নহয়, ছাত্র–ছাত্রীসকলে তীব্র দুর্যোগৰ সন্মুখীন হৈছে৷ নিয়মীয়া পাঠদান এতিয়াও স্বাভাৱিক হৈ উঠা নাই৷ অনলাইন শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা পদ্ধতিৰ বাবে ছাত্র–ছাত্রীসকলে উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে যিদৰে দুখীয়া লোকসকলৰ লেখীয়া অনলাইনযোগে শিক্ষা লাভৰ ক্ষেত্রত দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীসকল সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ সেয়ে কিদৰে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰি ৰঙালী বিহু অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে সকলো পক্ষই ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি অহা উচিত৷

You might also like