বিষাদগ্রস্ততা
সম্প্রতি কিশোৰ–কিশোৰীৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকক বিষাদগ্রস্ততাই আচ্ছন্ন কৰি ৰাখিছে৷ একাংশ কম বয়সৰ ল’ৰা–ছোৱালী আৰু অশীতিপৰ বৃদ্ধয়ো জীৱনত চৰম পথ বাছি লোৱা দেখা গৈছে৷ আধুনিক ভোগবাদী জীৱন আৰু অতিশয় উচ্চকাংক্ষাই মনত সৃষ্টি কৰা অৱসাদৰ বাবে মানসিক এই অৱস্থাৰ গ্রাসত সোমাই পৰিছে৷ ইয়াৰ ফলত বহু লোকৰ চিন্তা–ভাবনা, আচৰণ, অনুভূতি আদি প্রভাৱিত হৈছে৷ মানুহৰ মনলৈ নামি অহা বিষণ্ণতাই তেওঁলোকৰ চিন্তা–ভাবনা, মনোযোগ আৰু খাদ্যাভাস, টোপনি আদিতো প্রভাৱ পেলাইছে৷ এই বিষাদগ্রস্ততা দীর্ঘম্যাদী হ’লে মানুহৰ জীৱন বিপন্ন হৈ পৰিব পাৰে৷ বিভিন্ন কাৰণত এগৰাকী ব্যক্তিৰ জীৱনলৈ বিষণ্ণতা তথা বিষাদগ্রস্ততা আহিব পাৰে৷ শৈশৱকালত সন্মুখীন হোৱা কিছুমান অনাহূত পৰিস্থিতিৰ বাবেও পৰৱর্তী সময়ত মনলৈ বিষাদগ্রস্ততা আহিব পাৰে৷ উদাহৰণস্বৰূপে গভীৰ শোক, অৱহেলা, মানসিক নির্যাতন, শাৰীৰিক নির্যাতন, যৌন নির্যাতন অথবা পিতৃ–মাতৃৰ অবাঞ্ছিত আচৰণ আদিয়ে শিশুসকলক যৌৱনকালত বিষাদগ্রস্ততাই আৱৰি ধৰিব পাৰে৷ শৈশৱকালত শাৰীৰিক অথবা যৌন নিপীড়নৰ চিকাৰ হ’লে পৰৱর্তী সময়ত মানুহৰ মনলৈ বিষণ্ণতা কঢ়িয়াই আনিব পাৰে৷ কেৱল এয়াই নহয়, যিকোনো বয়সৰ মানুহৰ মনলৈ আহিব পাৰে বিষণ্ণতা৷ প্রসৱ, মেন’পজ, আর্থিক দীনতা, কর্মসংস্থাপনহীনতা, শিক্ষা–দীক্ষা, পৰিয়াল, জীৱন–প্রণালী, কোনো দুৰাৰোগ্য ৰোগ ধৰা পৰা, ধর্ষণৰ চিকাৰ হোৱা, প্রিয়জনক হেৰুওৱা, প্রাকৃতিক দুর্যোগ, সামাজিক বিচ্ছিন্নতা, পাৰিবাৰিক সম্পর্ক, গার্হস্থ্য হিংসা, বিচ্ছেদ আদিয়ে মানুহক বিষাদগ্রস্ত কৰি তুলিব পাৰে৷ এনে কাৰণবোৰৰ বাবে মানুহৰ জীৱনৰ প্রতি মায়া নোহোৱা হয়, খোৱা, শোৱাত ব্যাঘাত জন্মে আৰু জীৱন বিপর্যস্ত হৈ পৰে৷ এই অৱস্থাৰ নিৰাময়ৰ বাবে ইয়াৰ সৈতে জড়িত বিভিন্ন ঔষধ আছে৷ কিন্তু এনে ঔষধৰ অপব্যৱহাৰ আৰু দীর্ঘস্থায়ী ব্যৱহাৰৰ ফলত বিষাদগ্রস্ততা অধিক বৃদ্ধি পাব পাৰে৷
কিছুমান মানসিক ৰোগ বিষণ্ণতাৰ প্রধান লক্ষণ হিচাপে থিয় দিব পাৰে৷ বহুতৰে হ্রস্বম্যাদী বিষাদগ্রস্ততাই কেইবাদিনো ধৰি সকলো কাম–কাজৰ প্রতি আগ্রহহীন কৰি তোলে৷ গৱেষকসকলে চলোৱা বিভিন্ন গৱেষণাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে যে আমেৰিকা যুক্তৰাষ্ট্রৰ নিচিনা আগশাৰীৰ দেশসমূহৰ লোকো বিষণ্ণতা বা বিষাদগ্রস্ততাত ভোগে৷ সেই অনুসৰি যুক্তৰাষ্ট্রৰ প্রায় ৭ শতাংশ প্রাপ্তবয়স্ক লোক প্রতিবছৰে হতাশাৰ চিকাৰ হয়৷ দেশখনৰ ১৬ শতাংশৰো অধিক প্রাপ্তবয়স্ক লোকৰ প্রায় ৬জনৰ ভিতৰত এজনে তেওঁলোকৰ জীৱনত যিকোনো সময়ত বিষণ্ণতাৰ সন্মুখীন হয়৷ অৱশ্যে গৱেষকসকলে ধাৰণা কৰাতকৈও হতাশাগ্রস্ত লোকৰ সংখ্যা অধিক৷ কাৰণ বহু লোকে বিষণ্ণতাৰ লক্ষণসমূহৰ বাবে চিকিৎসকৰ ওচৰ নাচাপে অথবা ৰোগ নির্ণয় নকৰে৷ মার্কিন যুক্তৰাষ্ট্রৰ ৪.৪ শতাংশ শিশু বিষণ্ণতাৰ চিকাৰ হয়৷ বিষণ্ণতাত ভুগি থকা লোকসকল যিকোনো কথাত সহজে বিৰক্ত আৰু হতাশ হোৱা দেখা যায়৷ যিবোৰ বিষয়ে পূর্বতে আনন্দ দিছিল, সেইবোৰ লাহে লাহে বিৰক্তিকৰ হৈ পৰে৷ খাদ্যাভ্যাসৰো পৰিৱর্তন ঘটে, ফলত ওজন হ্রাস অথবা বৃদ্ধি পাব পাৰে৷ তেনে লোকৰ টোপনিৰ সমস্যাই দেখা দিয়ে৷ তেওঁলোক অনিদ্রাত ভুগিব পাৰে অথবা অতিৰিক্ত টোপনিৰ বলি হ’ব পাৰে৷ তেওঁলোকৰ কোনো বিষয়ত মনোযোগ দিয়াত আৰু সিদ্ধান্ত গ্রহণত অসুবিধা হয়৷ এনে লোকৰ মনলৈ আত্মহত্যাৰ দৰে চিন্তাও অহা দেখা যায়৷ গৱেষকসকলেও বিষাদগ্রস্ততাৰ সঠিক কাৰণ এইপর্যন্ত উদ্ভাৱন কৰিব পৰা নাই৷ বর্তমান সময়ৰ জটিল জীৱন প্রণালী, অত্যধিক উচ্চাকাংক্ষা আৰু সীমিত উপার্জনৰ বাবে বহু সময়ত মানুহৰ মনত বিষণ্ণতাৰ উদ্রেক ঘটে৷ ইয়াৰ বাবে মানুহক পার্যমানে সাধাৰণ জীৱন–যাপনৰ প্রতি আগ্রহী হোৱাৰ লগতে উচ্চাকাংক্ষা পৰিহাৰ কৰা উচিত৷ অৱশ্যে চিকিৎসকৰ ওচৰ চাপিলে ৮০ৰ পৰা ৯০ শতাংশ বিষণ্ণতাত আক্রান্ত ব্যক্তি সুস্থ হোৱা দেখা যায়৷ এনে ব্যক্তিসকলে নিয়মিত ব্যায়াম কৰা, নিয়মীয়াকৈ টোপনি মৰা, স্বাস্থ্যকৰ খাদ্য গ্রহণ কৰা, নিচাযুক্ত দ্রব্য সেৱনৰ পৰা বিৰত থকাৰ লগতে প্রিয় ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰা উচিত৷