নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ কানেকচন

বলীউডৰ নৱোদিত তাৰকা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাটোৱে বলীউডক কেইবাটাও দিশৰ পৰা ঘেৰি ধৰিছে৷ ঘটনাটোৱে হঠাতে যেন ৰঙীন জগতখনৰ পৰা মায়াময় বলীউডক বাস্তৱৰ কঠিন জগতখনলৈ নমাই আনিলে৷ এতিয়া এটাৰ পিছত এটাকৈ প্রশ্ণৰ শেলে খেদি ফুৰিছে মায়ানগৰী মুম্বাইৰ সেই স্বপ্ণৰ পৃথিৱীখনক৷

স্বজন–তোষণ, লবীৰাজৰ পৰা আৰম্ভ কৰি ভাৰতবিৰোধী শক্তিৰ সৈতে সম্পর্কলৈকে কিমান যে প্রশ্ণৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউডে৷ সেই আটাইবোৰৰ মাজত যিটো প্রশ্ণই বলীউডক সর্বাধিক সংকটৰ দিশে ঠেলি লৈ যোৱাৰ দুর্ভাবনা কঢ়িয়াই আনিছে, সেইটো হ’ল ড্রাগ্ছৰ সৈতে সম্পর্ক৷

অৱশ্যে এইটোও সত্য নহয় যে প্রথমবাৰৰ বাবে এইবাৰ ড্রাগ্ছক লৈ বলীউডৰ মায়াময় জগতখনে প্রশ্ণৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বলীউডে ইয়াৰ পূর্বেও বহুবাৰ এই প্রশ্ণটোৰ মুখামুখি হ’বলগীয়া হৈছিল৷ কিন্তু এইবাৰৰ দৰে কঠিন প্রত্যাহ্বান পূর্বে সৃষ্টি হোৱা নাছিল৷ পূর্বতে এইদৰে এজনৰ পিছত এজনকৈ লোকক চৰকাৰী তদন্তকাৰী সংস্থাই জেৰা অথবা সোধা–পোছা কৰা নাছিল৷ ঘৰে–ফিচে তালাচী অভিযান চলোৱা নাছিল৷

তদুপৰি পূর্বতে দেশখনৰ জনসাধাৰণেও বলীউডৰ ড্রাগ্ছ কানেকচনক লৈ সিমান মূৰ ঘমোৱা নাছিল৷ সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাই সকলো সলনি কৰিলে৷ জনসাধাৰণে যেন বিচাৰিছে, উদীয়মান তাৰকাজনৰ মৃত্যুৰ বাবে জগৰীয়া প্রতিটো বিষয় আদালতৰ কাঠগড়ালৈ আহক৷ বিচাৰ হওক৷

অৱশ্যে বলীউডৰ ড্রাগ্ছৰ কানেকচনৰ সৈতে জনসাধাৰণৰ আন এটা সমস্যাও জডিত হৈ আছে, যাৰ বাবে হিয়াৰ আমঠুস্বৰূপ তাৰকাক নার্কোটিকছ ব্যুৰ’ৰ দলে ঘণ্টাৰ পিছত ঘণ্টা সোধা–পোছা কৰা সত্ত্বেও জনসাধাৰণৰ মাজৰ পৰা ক’তোৱেই প্রতিবাদৰ টু শব্দ উচ্চাৰিত হোৱা নাই৷ ইয়াৰ বিপৰীতে ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন গণসংযোগ মাধ্যমত বলীউডৰ সৈতে সম্পর্ক থকা প্রতিটো অশুভ শক্তিক মষিমূৰ কৰি চিনে উদ্যোগটোক নিকা কৰাৰ সপক্ষেহে দাবী উঠিছে৷ এইটো এটা লক্ষণীয় দিশ৷

এটা কথা সর্বজনবিদিত যে বলীউডৰ সৈতে ভাৰতবর্ষৰ সমাজখনৰ সম্পর্ক নিবিড৷ দেশখনৰ কোটি কোটি লোকে বলীউডৰ তাৰকাসকলক খোৱা–বোৱা, পিন্ধন–উৰণ, চাল–চলনকে প্রায় সকলো দিশতে অনুকৰণ কৰে৷ চুলিৰ ষ্টাইল, পোছাকযোৰ, খোজ–কাটলত বলীউডৰ অভিনেতা–ভিনেত্রীৰ দৰে হ’ব বিচৰা লোকৰ সংখ্যা এইখন দেশত কোটিৰ ওপৰত ওপৰত হ’ব৷ জন আব্রাহামৰ দৰে মটৰচাইকেল চলাব বিচৰা, ছলমান খানৰ দৰে সুগঢ়ী দেহ এটাৰ অধিকাৰী হ’ব খোজা, শ্বাহৰুখ খানৰ দৰে ব্যক্তিত্ব গঢ় দিব বিচৰা হাজাৰ হাজাৰ যুৱক এই দেশখনত আছে৷

অনুৰূপ ধৰণে দীপিকা পাডুকন, শ্রদ্ধা কাপুৰ, কেটেৰিনা কাঈফৰ দৰে অভিনেত্রীক অনুসৰণ কৰা যুৱতীৰ সংখ্যাও দেশখন অগণিত৷ এনেদৰে বুকুৰ মাজত মাজত ৰাখি থোৱা তাৰকাসকলে যদি ড্রাগ্ছ সেৱন কৰে, তাৰ প্রভাৱ সমাজখনত পৰিবলৈ বাধ্য৷ দীপিকা পাডুকন, শ্রদ্ধা কাপুৰ, ছাৰা আলী খান, ৰাকুলপ্রীত সিঙৰ নাম ড্রাগ্ছ সেৱনকাৰী হিচাপে ওলাইছে৷ অভিনেত্রী ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিত নামকেইটা পোহৰলৈ আহিছে৷

এনচিবিয়ে আটাইকেইগৰাকীকে সোধা–পোছা কৰিছে৷ এতিয়া যদি চৰকাৰে আধাতে ড্রাগ্ছ কানেকচনৰ বিষয়টো সামৰি থয়, ইয়ে সমাজত বিৰূপ প্রভাৱ পেলাব৷ গতিকে বলীউডৰ সৈতে থকা ড্রাগ্ছ কানেকচনক উৎখাত নকৰাকৈ চৰকাৰ বা সংশ্লিষ্ট তদন্তকাৰী সন্থা বহি থাকিব নোৱাৰে৷ ড্রাগ্ছৰ ক’লা দিশটো সমাজৰ মাজলৈ উলিয়াই দিব লাগিব৷ তদুপৰি ইয়াৰ সৈতে অংগাংগীভাৱে জডিত হৈ থকা আনটো প্রশ্ণ হৈছে, বলীউডৰ তাৰকাই নিষিদ্ধ ড্রাগ্ছ লাভ কৰে ক’ৰ পৰা? নিশ্চয় কোনো বৃহৎ চোৰাং ব্যৱসায় চক্র জডিত হৈ আছে, যাৰ পৰা সাধাৰণ লোকে ঢুকি নোপোৱা তাৰকাসকলে সহজে ড্রাগ্ছ ক্রয় কৰিব পাৰে৷

চৰকাৰে এই চক্রটোকে উৎখাত কৰিব লাগিব৷ কোনো কোনোৱে কৈ আছে, ইয়াৰ দ্বাৰা বলীউডক বদনাম কৰাৰ চেষ্টা অথবা চক্রান্ত চলোৱা হৈছে৷ তেওঁলোকে কিন্তু ড্রাগ্ছ কানেকচনটোক কিদৰে নিঃশেষ কৰিব পাৰি, সেই বিষয়ে একো নকয়৷ গতিকে বলীউডক ড্রাগ্ছৰ পৰা মুক্ত কৰি ৰখাটো সময়ৰ দাবী৷ চৰকাৰে ইয়াৰ পৰা এখোজো পিছুৱাই অহা উচিত নহ’ব৷

You might also like