নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা

সাম্প্রতিক বিশ্বৰ প্রযুক্তিৰ জগতখনত এবিধ চমৎকাৰ সংযোজন হ’ল কৃত্রিম বুদ্ধিমত্তা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ চমুকৈ এআই৷ আমাৰ জীৱনৰ প্রায় সকলো ক্ষেত্রতেই এতিয়া এই কৃত্রিম বুদ্ধিমত্তাৰ আধিপত্য৷ আধিপত্য বুলি এইবাবেই ক’ব পাৰি যে আমি সকলোৱেই প্রযুক্তি নির্ভৰ কোনো ক্ষেত্রৰ সৈতে সংপৃক্ত নোহোৱাকৈয়ে আজি আমাৰ দৈনন্দিন জীৱনৰ কিবা নহয় কিবা ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰ সৈতে সাঙোৰ খাই পৰিবলৈ বাধ্য৷ এনে পৰিপ্রেক্ষিততেই আজি সকলোৱে কৃত্রিম বুদ্ধিমত্তাৰ প্রতি সজাগ আৰু সচেতন হোৱাটো যুগৰ দাবী হৈ পৰিছে৷ সকলো ক্ষেত্রতে ভাল আৰু বেয়া দুয়োটা দিশ থকাটো তেনেই স্বাভাৱিক৷ একোৱেই কেৱল ভাল বা কেৱল বেয়া হ’বই নোৱাৰে, সকলোৰে মাজত কম–বেছি পৰিমাণে এই দুয়োটা দিশ থাকেই৷ এই কথাটো কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রতো খাটে৷ কৃত্রিম বুদ্ধিমত্তাই আমাৰ বাবে যিদৰে বিপুল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে, তেনেদৰে দুর্ভাবনাৰো কপাট খুলি দিছে৷ কিন্তু এই দুর্ভাবনাক অতিক্রম কৰি সজাগ আৰু সচেতনতাৰে আমি কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত কিদৰে সমৃদ্ধিৰ বাটত আগুৱাব পাৰোঁ তাৰহে প্রয়াস কৰাৰ সময় আহি পৰিছে৷ কাৰণ, আমি এতিয়া কোনো কাৰণতেই কৃত্রিম বুদ্ধিমত্তাক এৰাই চলিব নোৱাৰোঁ আৰু এৰাই চলাটো উচিতো হ’ব নোৱাৰে৷ সেইবাবেই কৃত্রিম বুদ্ধিমত্তাক সঠিক বাটেৰে পৰিচালিত কৰি সামগ্রিকভাৱে সভ্যতাৰ বিকাশৰ ক্ষেত্রত কামত যদি লগাব পাৰোঁ, তেন্তে নিজৰ লগতে দেশ আৰু দহৰো উন্নতি হোৱাটো ধুৰূপ৷

তেনে বিবেচনাৰেই শেহতীয়াকৈ বিশ্বত বিভিন্ন দেশে সন্মিলিত প্রয়াস চলোৱাৰ বাবে হাতে–কামে আগবঢ়া দেখিবলৈ পোৱা গৈছে৷ তেনে এটা প্রয়াসৰে ফচল হিচাপে ১৬ ফেব্রুৱাৰীৰ পৰা ২০ ফেব্রুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হৈছে কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ বিষয়ক এখন শীর্ষ সন্মিলন৷ ইতিমধ্যে বিশ্বত এনে তিনিখন শীর্ষ সন্মিলন অনুষ্ঠিত হৈ গৈছে৷ এইখন চতুর্থ শীর্ষ সন্মিলন৷ ইতিপূর্বে প্রথমবাৰৰ বাবে ২০২৩ চনৰ নৱেম্বৰ মাহত ব্রিটেইনৰ ব্রেছলী পার্কত কৃত্রিম বুদ্ধিমত্তা সুৰক্ষা সন্মিলন অনুষ্ঠিত হয়৷ এই প্রথমখন শীর্ষ সন্মিলনত বিশেষকৈ কৃত্রিম বুদ্ধিমত্তাৰ নিৰাপত্তাক লৈ সৃষ্টি হ’ব পৰা বিপদাশংকাৰ বিষয়ে আলোচনা কৰা হয়৷ তাৰ পিছত দ্বিতীয়খন শীর্ষ সন্মিলন অনুষ্ঠিত হয় ২০২৪ চনত দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত৷ এই সন্মিলনত কৃত্রিম বুদ্ধিমত্তাৰ সুৰক্ষা ৰূপায়ণ সন্দর্ভত আলোচনা কৰা হয়৷ তেনেদৰে তৃতীয়খন শীর্ষ সন্মিলন ২০২৫ চনত ফ্রান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হয়৷ এই সন্মিলনত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰিক প্রয়োগ আৰু বাস্তৱিক গোলকীয় ব্যৱহাৰ সন্দর্ভত আলোচনা কৰা হয়৷ ইয়াতেই গোলকীয় কৃত্রিম বুদ্ধিমত্তা প্রশাসনৰ পৰিকাঠামো বিকশিত কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷ এইবাৰ চতুর্থখন শীর্ষ সন্মিলন অনুষ্ঠিত হৈছে নতুন দিল্লীত৷ এইবাৰৰ সন্মিলনত কৃত্রিম বুদ্ধিমত্তাৰ অগ্রগতিৰ মূল্যায়ন, সন্নিৱেশ আৰু বহনক্ষম গোলকীয় ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এইবাৰৰ শীর্ষ সন্মিলনখনে বিশেষ তাৎপর্য বহন কৰিছে৷ কৃত্রিম বুদ্ধিমত্তাৰ পৰা হ’ব পৰা ৰূপান্তৰশীল প্রভাৱ আৰু প্রত্যাহ্বান সন্দর্ভত প্রথমবাৰৰ বাবে গ্ল’বেল ছাউথ ৰাষ্ট্রসমূহৰ মাজৰ এখনত অনুষ্ঠিত হৈছে এই সন্মিলন৷ ‘সর্বজন হিতায়, সর্বজন সুখায়’– সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ শীর্ষক বিষয়বস্তুৰ এই সন্মিলনখনে মানৱকেন্দ্রিক কমিটী আৰু সর্বাত্মক উন্নয়নৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্রত ভাৰতৰ দায়বদ্ধতাক প্রতিফলিত কৰে৷ এই সন্মিলনখন উদ্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, প্রশাসন আৰু উদ্যোগকে ধৰি বিভিন্ন খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ পৰিৱর্তনশীল ভূমিকাৰ ওপৰত আলোকপাত কৰি এই আস্থা প্রকাশ কৰে যে সন্মিলনখনত হোৱা মত বিনিময়ে উদ্ভাৱন, সহযোগিতা আৰু কৃত্রিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে প্রগতিশীল, উদ্ভাৱনীমূলক আৰু সুযোগসন্ধানী ভৱিষ্যৎ গঠনৰ বাট মুকলি কৰিব৷ দেখা গৈছে, ভাৰতৰ জনসংখ্যাৰ ৬৫ শতাংশই ৩৫ বছৰতকৈ কম বয়সৰ যুৱক–যুৱতী৷ এনে ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাক কৌশলগত নিযুক্তি প্রদানকাৰী হিচাপে গণ্য কৰি ২০২৬–২৭ বিত্তীয় বর্ষৰ কেন্দ্রীয় বাজেটতো কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বৃদ্ধি আৰু প্রতিভাৰ বিকাশৰ ওপৰত গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে৷ বাজেটখনত আয় আৰু নিয়োগ সৃষ্টি কৰিব পৰা সংস্কৃতি তথা সৃজনশীলতাক প্রকৃত অর্থনৈতিক প্রমূল্যৰ উৎস হিচাপে গণ্য কৰা সুমথিৰা অর্থনীতিৰ অৰেঞ্জ ইক’নমীৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷ এনিমেচন, গেমিং, ডিজিটেল কণ্টেণ্ট, নিমজ্জিত সংবাদ মাধ্যমৰ দৰে কৃত্রিম বুদ্ধিমত্তাচালিত ক্ষেত্রসমূহক ইয়াত সামৰি লোৱা হৈছে৷ ভৱিষ্যতৰ বাবে সাজু হ’ব পৰাকৈ দক্ষতা আৰু কৃত্রিম বুদ্ধিমত্তাকেন্দ্রিক নিযুক্তিৰ ভূমিকাক আহৰণ কৰি যুৱক–যুৱতীসকলৰ বাবে নতুন পথ মুকলি কৰিবলৈ ১,৫০০খন বিদ্যালয় আৰু ৫০০খন মহাবিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তা নির্ভৰ কণ্টেণ্ট ক্রিয়েটৰ লেব্ছ স্থাপন কৰিবলৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্রিয়েটিভ টেকন’লজিছ (আইআইচিটি), মুম্বাইলৈ সহায়ৰ হাত আগবঢোৱা হৈছে৷

তদুপৰি, কৃত্রিম বুদ্ধিমত্তা আৰু তাৰ সৈতে সম্পর্কিত প্রযুক্তিয়ে কিদৰে শিক্ষা, দক্ষতা আৰু নিযুক্তিৰ ক্ষেত্রত প্রভাৱ পেলাব পাৰে তাক চোৱাচিতা কৰিবলৈ একোখন শিক্ষাৰ পৰা নিযুক্তি আৰু উদ্যোগলৈ স্থায়ী সমিতি গঠনৰো প্রস্তাৱ কৰা হৈছে৷ কৃত্রিম বুদ্ধিমত্তাৰ সৈতে জড়িত নোহোৱা অন্যান্য ক্ষেত্রৰ তুলনাত কৃত্রিম বুদ্ধিমত্তাৰ সৈতে জড়িত দক্ষতাৰ চাহিদা ৭৫ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দক্ষিণ এছিয়াৰ দেশসমূহত ২.৯ৰ পৰা ৬.৫লৈ বৃদ্ধি পাইছে ২০২৩ বর্ষৰ জানুৱাৰীৰ পৰা ২০২৫ বর্ষৰ মার্চলৈকে৷ এনে পৰিপ্রেক্ষিতত এই সন্মিলনখনত এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিকছৰ দৰে উদীয়মান ক্ষেত্রসমূহত ২০৩০ চনৰ ভিতৰত প্রায় দুই মিলিয়ন নিযুক্তি সৃষ্টি কৰাৰ লক্ষ্যৰে চিন্তা–চর্চা কৰা হৈছে৷ ভৱিষ্যতৰ অৱশ্যম্ভাৱী প্রযুক্তিনির্ভৰ দক্ষতা সৃষ্টি আৰু নিয়োগৰ প্রতি লক্ষ্য ৰাখি কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত যি গোলকীয় গুৰুত্ব বৃদ্ধি পাব লাগিছে, তাৰ পৰিপ্রেক্ষিতত আমাৰ ভাৰতবর্ষও কোনো কাৰণতেই পিছপৰি থাকিব নোৱাৰে৷ চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্রহণো কৰিছে৷ তাৰ মাজতে ভাৰতত এনে এখন শীর্ষ সন্মিলন অনুষ্ঠিত হোৱাটো সমগ্র বিশ্বৰ লগতে ভাৰতৰ বাবেও এটা আশাপ্রদ বতৰা৷ কৃত্রিম বুদ্ধিমত্তাক মানুহে প্রকৃতিক বুদ্ধিমত্তাৰে সঠিক দিশত পৰিচালিত কৰিব পাৰিলে অদূৰ ভৱিষ্যতে ইয়াৰ সুফল আৰু অধিক প্রকট হৈ পৰিব৷ তাৰ বাবে প্রয়োজন এনে বিশ্বস্তৰীয় আলাপ–আলোচনা আৰু তাৰ ভিত্তিত কৃত্রিম বুদ্ধিমত্তাৰ কল্যাণকামী প্রয়োগৰ৷

You might also like