নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমীয়া ক্রীড়া সাংবাদিকতা আৰু ক্রীড়া মহীৰূহ পুলিন দাস

সম্প্রতি অসমজুৰি পালন হৈছে অসমীয়া ক্রীড়া সংবাদৰ শতবর্ষ৷ অসমীয়া ক্রীড়া সাংবাদিকতাৰ বাবে এয়া এক অতিশয় গৌৰৱৰ বিষয়৷ এনে এক গৌৰৱোজ্জ্বল মুহূর্তত প্রাসংগিক হৈ পৰিছে ক্রীড়া মহীৰূহ পুলিন দাস৷ কিয়নো এইগৰাকী মহানুভৱ ব্যক্তিয়ে পূর্ণাংগ ৰূপত অসমীয়া ক্রীড়া সাংবাদিকতা আৰম্ভ কৰিছিল৷ অসম ক্রীড়া সাংবাদিক কল্যাণ সন্থাই এইগৰাকী মহান ব্যক্তিক ‘ক্রীড়া মহীৰূহ’ সন্মানেৰে বিভূষিত কৰে৷ শৈশৱৰ পৰাই ক্রীড়াৰ প্রতি গভীৰভাৱে অনুৰাগ জন্মা পুলিন দাসে বিভিন্ন খেলত পাৰদর্শিতা দেখুৱালেও ক্রিকেট আছিল তেওঁৰ প্রথম প্রেম৷ ১৯১৮ চনৰ ১ নৱেম্বৰত গুৱাহাটীৰ লতাশিলত জন্মলাভ কৰা বাবেই এইখন খেলপথাৰতে তেওঁৰ খেলুৱৈ জীৱনৰ সপোনবোৰ মূর্ত হৈ উঠিছিল৷ পৰৱর্তী জীৱনত পুলিন দাসে ৰাজ্যৰ ক্রীড়া ক্ষেত্রলৈ যি অনবদ্য অৱদান আগবঢ়াইছে তাক কৈ শেষ কৰিব নোৱাৰি৷ কামৰূপ একাডেমীত পঢ়ি থাকোঁতেই ১৯৩৬ চনত পুলিন দাসে স্কুল ক্রিকেটত অংশগ্রহণ কৰিছিল৷ ১৯৩৮ চনত তেওঁ কটন কলেজ ক্রিকেট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত ১৯৩৯ চনত ক্রীড়া বিভাগৰ সম্পাদকৰূপে নির্বাচিত হয়৷ জীৱনৰ অন্তিম সময়লৈ টেনিছৰ অনুশীলন অব্যাহত ৰখা পুলিন দাসে কলেজীয়া জীৱনত টেনিছ খেলাৰ বিশেষ সা–সুবিধা পোৱা নাছিল যদিও কলেজত নিজৰ মাজতে চর্চা অব্যাহত ৰাখিছিল৷ অৱশ্যে সীমিত পৰিসৰৰ মাজতে তেওঁ কটন কলেজত টেনিছৰ ডাব্লছ চেম্পিয়নো হৈছিল৷ ১৯৩৯ চনত ঐতিহাসিক গুৱাহাটী টাউন ক্লাবৰ ক্রিকেট অধিনায়কৰ দায়িত্ব গ্রহণ কৰিছিল তেওঁ৷ পৰৱর্তী সময়ত দাসে ক্লাবটোৰ সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰিছিল৷ ১৯৪৭ চনত গোপীনাথ বৰদলৈ আৰু ছাৰ আকবৰ হায়দৰী একাদশৰ মাজত তেওঁ এখন ক্রিকেট মেচৰ আয়োজন কৰিছিল৷ সেইখন প্রদর্শনী মেচত পুলিন দাস আছিল নিজ দলৰ অধিনায়ক৷ ১৯৪৯ চনত যোৰহাটৰ চিনামৰাত অনুষ্ঠিত ৰঞ্জী মেচত চি কে নেতৃত্বাধীন হোলকাৰ একাদশৰ বিৰুদ্ধে তেওঁ অসম দলক প্রতিনিধিত্ব কৰিছিল৷ ইয়াৰ পৰৱর্তী সময়তো পুলিন দাসে ৰঞ্জী ট্রফীত অসম দলক প্রতিনিধিত্ব কৰিছিল৷ অৱশ্যে পিছৰ ফালে তেওঁ টেনিছ, ফুটবল, হকী আৰু টেবুল টেনিছো খেলিবলৈ লয়৷ সেই সময়ত টেনিছৰ অনুশীলনৰ একমাত্র স্থান আছিল ইউৰোপিয়ান ক্লাব৷ কিন্তু তাত কেৱল চাহাবসকলেহে খেলিছিল৷ সাধাৰণ মানুহে তাত খেলাৰ সুযোগ নাপাইছিল৷

পাছত ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, হৰেকৃষ্ণ দাস আদিৰ লগতে পুলিন দাসহঁতে নিজা উদ্যোগত ১৯৩৩ চনতে ৰিজার্ভ বেংকৰ কাষত প্রতিষ্ঠা কৰিছিল ইণ্ডিয়া ক্লাবৰ৷ সেই ঐতিহাসিক ক্লাবটোত তেওঁ ইহলীলা সম্বৰণ কৰাৰ কেইমাহমান আগলৈ নিৰলসভাৱে টেনিছৰ চর্চা অব্যাহত ৰাখিছিল৷ তেওঁৰ প্রচেষ্টাতে ১৯৪৮ চনত প্রতিষ্ঠা হৈছিল অসম টেবুল টেনিছ সংস্থা৷ ১৯৫০ চনত তেওঁ বিশ্ব চেম্পিয়ন জনী লীচ আৰু ৰিচার্ড বার্গমেনৰ মাজত এখন প্রদর্শনীমূলক মেচৰ আয়োজন কৰিছিল৷ ১৯৪৭ চনত তেওঁ গোপীনাথ বৰদলৈৰ সহযোগত গঠন কৰে অসম ক্রিকেট সন্থা৷ গোপীনাথ বৰদলৈ সন্থাৰ প্রতিষ্ঠাপক সভাপতি হোৱাৰ বিপৰীতে প্রতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিল পুলিন দাসে৷ পিছৰ ফালে ১৯৬৯ চনত তেওঁ পুনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ পুলিন দাস সম্পাদক হৈ থাকোঁতে গুৱাহাটীত তিনিখন আন্তর্জাতিক মেচ অনুষ্ঠিত হৈছিল৷ ক্রীড়া সংগঠকৰূপে অভিলেখ সৃষ্টি কৰা পুলিন দাসে প্রয়াত নুৰুল আমিনৰ সহযোগত অসম ফুটবল সন্থাৰ জন্ম দিছিল৷ তেওঁ প্রথম শ্রেণীৰ ৰেফাৰী হিচাপে সেই সময়ত কলকাতা, কালিকট, নগাঁও আৰু গুৱাহাটীত সন্তোষ ট্রফীৰ মেচ পৰিচালনা কৰিছিল৷ তদুপৰি এইগৰাকী ক্রীড়া মহীৰূহৰ প্রচেষ্টাতে গঢ়ি উঠে গুৱাহাটী ক্রিকেট সন্থা (১৯৪৬), গুৱাহাটী টেবুল টেনিছ সন্থা (১৯৪৮), গুৱাহাটী হকী সন্থা (১৯৫৬), গুৱাহাটী লন টেনিছ সন্থা আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল টুর্নামেণ্ট (১৯৫২)৷ এইসমূহ সংগঠনৰ তেওঁ আছিল প্রতিষ্ঠাপক সম্পাদক৷ আনহাতে গুৱাহাটী ক্রীড়া সন্থাৰ (১৯৫৮) তেওঁ আছিল প্রতিষ্ঠাপক সহকাৰী সম্পাদক৷ অসমৰ ক্রীড়া সাংবাদিকতাৰ বাটকটীয়া আছিল পুলিন দাস৷ অসমৰ ক্রীড়াবিদসকলৰ নাম বাতৰিকাকতত প্রকাশ কৰিবৰ বাবেই তেওঁ সাংবাদিকতা বৃত্তি বাছি লৈছিল৷ প্রথমাৱস্থাত তেওঁ কলকাতাৰ পৰা প্রকাশিত আনন্দ বজাৰ পত্রিকা, অমৃত বাজাৰ পত্রিকা আৰু ষ্টেট্ছমেনকে ধৰি কেইবাখনো কাকতত ফ্রীলেন্স ক্রীড়া সাংবাদিকৰূপে সেৱা আগবঢ়াইছিল৷ ’৫০ৰ দশকৰ আৰম্ভণিতে তেওঁ ‘দৈনিক নতুন অসমীয়া’ কাকতত ক্রীড়া সাংবাদিক হিচাপে কাম কৰে৷ ১৯৫৪ চনত পুলিন দাসে ৰাধাগোবিন্দ বৰুৱাৰ আমন্ত্রণ ক্রমে ‘দ্য আছাম ট্রিবিউন’ কাকতত ক্রীড়া সাংবাদিক হিচাপে স্থায়ীভাৱে কামত যোগ দিয়ে৷ অসমত পূর্ণাংগ ক্রীড়া সাংবাদিকতাৰ ইতিহাস তেতিয়াৰ পৰাই আৰম্ভ হোৱা বুলি ক’ব পাৰি৷ সুদীর্ঘ প্রায় ৪টা দশক ধৰি সাংবাদিকৰূপে তেওঁ অশেষ সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হয়৷ অসমৰ ক্রীড়া জগতৰ ভীষ্মস্বৰূপ পুলিন দাসৰ স্থান আন কোনোবাই সহজে ল’ব পাৰিব বুলি মনে নধৰে৷ ৰাষ্ট্রীয় গেমছৰ সময়ত স্থাপন কৰা সৰুসজাই ক্রীড়া প্রকল্প অথবা বর্ষাপাৰাত নৱনির্মিত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত পুলিন দাসৰ নামত এটা গেলাৰী অথবা পেভিলিয়ন নাইবা এখন দ্বাৰৰ নামকৰণ কৰিলেও তেওঁৰ প্রতি পৰৱর্তী প্রজন্মৰ লগতে চৰকাৰে সুবিচাৰ কৰা হ’লহেঁতেন৷

You might also like