নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ডিজিটেল সংগী

সময়ৰ লগে লগে সমাজ পৰিৱর্তন হৈছে৷ যৌথ পৰিয়ালবোৰৰ সংখ্যা কমিছে, একক পৰিয়ালৰ সংখ্যা বাঢ়িছে৷ পূর্বতে ওচৰ–চুবুৰীয়াৰ সৈতে মানুহৰ যি ঘনিষ্ঠতা আছিল, সেই ঘনিষ্ঠতা আজি বহুততেই দেখিবলৈ পোৱা নাযায়৷ মানুহৰ সময়ৰো অভাৱ৷ ভিন্ন কামত মানুহবোৰ ব্যস্ত হৈ থাকে বাবে কাষৰ মানুহ ঘৰৰ খবৰ ল’বলৈকে সময় নাথাকে৷ পূর্বতে মানুহে যিমান পাৰে সিমান মুখামুখিকৈ কথা পাতিছিল, দূৰৈত আপোন মানুহ থাকিলে চিঠিৰ জৰিয়তেই মন/ঘৰৰ খবৰবোৰ দিছিল৷ বর্তমান হোৱাটছএপ, সামাজিক মাধ্যম, ম’বাইল আহিল, মন গ’লেই কথা পাতিব পৰা পৰিৱেশৰ সৃষ্টি হ’ল৷ চিঠি বা লগ হৈ কথা পাতি যি মানসিক তৃপ্তি লাভ কৰিছিল, আজি সেই তৃপ্তি ম’বাইল, সামাজিক মাধ্যমত সহজে কথা পাতি থাকিলেও পোৱা নাযায়৷ এই পৰিৱর্তনে মানুহক ক্রমাৎ কোন দিশলৈ নিছে, ভাবিলে আচৰিত নালাগেনে? পূর্বতে ঘৰ এখনত কিবা এটা জৰুৰী সিদ্ধান্ত ল’বলগীয়া হ’লে ঘৰখনৰ প্রতিজন সদস্য একলগ হৈ এটা সিদ্ধান্তত উপনীত হৈছিল, কিন্তু সম্প্রতি তেনে পৰিৱেশ বিৰল৷ মূল্যবোধ, পৰম্পৰা, ৰীতি–নীতি, সন্মানক যিমান মান্যতা দিছিল, সেই মান্যতা আজিকালি বহুতেই নিদিয়ে৷ পুৰণি নীতি–নিয়ম ভাঙি নতুন চিন্তাৰে আগবঢ়াৰ পৰিকল্পনা কৰে, ব্যক্তি স্বাধীনতাক অধিক গুৰুত্ব দিয়ে৷ মুঠতে পূর্বতে সম্পর্কৰ যি আন্তৰিকতা আছিল, সেই আন্তৰিকতা যেন ক্রমাৎ হ্রাস পাইছে৷ সম্পর্কৰ আন্তৰিকতা হ্রাস পোৱাৰ লগে লগে মানুহ ক্রমাৎ নিঃসংগ হ’বলৈ ধৰিছে, মানুহে মানুহক বিশ্বাস কৰিবলৈ এৰিছে৷ মনৰ খবৰবোৰো আপোন মানুহক মানুহে ক’বলৈ ভয় কৰা হৈছে৷ ডিজিটেল পৃথিৱীত আমি সকলোৱে কেৱল ডিজিটেল মাধ্যমৰ সৈতে ব্যস্ত হৈ থাকোঁ, মানুহৰ সৈতে ব্যস্ত হ’বলৈ এৰিছোঁ৷ সামাজিক মাধ্যমত লাইক–কমেণ্টৰ আশাত বন্দী হৈ থাকোঁতেই কাষত থকা মানুহৰ সৈতে আমি কথা পাতিবলৈকে পাহৰি যাওঁ৷ সামাজিক মাধ্যমত মানুহে নিজৰ জীৱনৰ ভাল অংশখিনিহে দেখুৱায়৷ বহু মানুহে সেই অংশখিনিকেই দেখি নিজৰ জীৱনৰ সৈতে তুলনা কৰে আৰু তুলনাৰ অন্তত হতাশ হৈ পৰে৷ বহুতে নিজৰ সমস্যা আনৰ সৈতে ভাগ–বাটোৱাৰা কৰিব নিবিচাৰে৷ ফলত বহু মানুহে অকলশৰীয়া অনুভৱ কৰে৷ অকলশৰীয়া অনুভৱ কৰাটো বেয়া নহয়, কিন্তু দীর্ঘ সময়ৰ বাবে অকলশৰীয়া অনুভৱ কৰি থকাটো সঠিক কথাও নহয়৷ তথ্য–প্রযুক্তিৰ যুগত অধিকাংশ মানুহেই এআইৰ সৈতে কথা–বতৰা পাতে৷ ChatGPT অহাৰ লগে লগে আমি প্রযুক্তিৰ সৈতে মনৰ কথা পাতোঁ, তথ্য বিচাৰোঁ, উপদেশ লওঁ৷ আজিৰ পৃথিৱীৰ প্রায় ১ বিলিয়নতকৈ অধিক লোকে ChatGPT, Gemini, metaAI, claude, grok আদিৰ সৈতে কথা পাতে৷ ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে– সাম্প্রতিক সময়ত এআই এটা টুল নহয়, ই মানুহৰ দৈনন্দিন জীৱনৰ এটা অংশ৷

জানি আচৰিত হ’ব, ChatGPTৰ সাপ্তাহিক সক্রিয় ব্যৱহাৰকাৰীৰ সংখ্যা ৯০ মিলিয়ন৷ দৈনিক প্রায় ১২.৫ মিলিয়ন লোকে ব্যৱহাৰ কৰে৷ মেটা এআইৰ মাহেকীয়া ব্যৱহাৰকাৰী ৫০ মিলিয়ন৷ GOOGLE GEMINIRৰ মাহেকীয়া ব্যৱহাৰকাৰী ৪৫ মিলিয়ন৷ ৬ শতাংশ মানুহে কিবা নহয় কিবা এআই টুল ব্যৱহাৰ কৰে৷ ১৮-২৪ বছৰ বয়সৰ ৬৮ শতাংশ যুৱক–যুৱতীয়ে এআইক বন্ধু, মেণ্টৰ বা থেৰাপিষ্ট বুলি ভাবে৷ ২৪–৪০ বছৰীয়া যুৱক–যুৱতীয়ে এআইক প্রডাক্টিভিটী, ৰাইটিং, ক’ডিঙৰ বাবে ব্যৱহাৰ কৰে৷ এই ব্যৱহাৰকাৰীৰ সংখ্যা আগন্তুক দিনত আৰু অধিক বৃদ্ধি পাব৷ ম’বাইল, টিভিয়ে মানুহক মানুহৰ পৰা বহুখিনি আঁতৰাই নিলে৷ টিভিৰ সন্মুখত থাকিলে, ম’বাইল হাতত থাকিলে আজিৰ প্রজন্মই মানুহৰ সৈতে কথা পাতিবলৈকে নিবিচাৰে৷ তেনেস্থলত এআইৰ এই সময়খিনিত মানুহক মানুহৰ পৰা আৰু বেছি আঁতৰাই নিব নেকি বা কিবা কৰাৰ প্রয়োজন আছে৷ এআইৰ সৈতে কথা পতাৰ বহুতৰে যি এক অভ্যাসত পৰিণত হৈছে, ই মানুহৰ সহায়ক সংগী হৈ থাকিব নে আগন্তুক সময়ত সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হ’ব, কাৰণ সম্প্রতি বহুতে নিজৰ সৈতে ঘটি থকা বহু কথা বন্ধু, পৰিয়ালৰ সৈতে আলোচনা কৰিব নোৱাৰে৷ পূর্বতে উল্লেখ কৰাৰ দৰে মানুহে মানুহক সহজে বিশ্বাস নকৰা এক পৰিৱেশো সৃষ্টি হৈছে৷ ফলত মানুহে সকলো কথা এআইৰ সৈতে আলোচনা কৰে৷ গুৱাহাটীৰ এগৰাকী শিক্ষার্থী গণিতত অনুত্তীর্ণ হৈছিল৷ মাক–দেউতাকক এই ফলাফলৰ কথাখিনি ক’বলৈ তিনি দিনৰ সময়ৰ প্রয়োজন হ’ল৷ কিন্তু শিক্ষার্থীজনে এআইক এই কথাখিনি জনাবলৈ ইমান সময় লোৱা নাছিল৷ এই ফেইল কৰা সন্দর্ভত মাক–দেউতাকক কিদৰে ক’ব তাৰ আভাস মেটা এআইৰ পৰা লৈছিল৷ আৰু এইদৰেই বহু শিক্ষার্থীয়ে মেটাৰ পৰা সহায় বিচাৰে৷ মনোবিজ্ঞানীসকলে কয়– অনুভৱক ভাষালৈ ৰূপান্তৰ কৰিলে মানসিক চাপ প্রায় ২৫–৩০ শতাংশ কমি যায়৷ এই কাম এআয়ে কৰি আছে৷ ২০২৫ বর্ষৰ EXploding Topicsৰ সমীক্ষা মতে ৩৫.৪৯ শতাংশ লোকে ‘আৱেগিক সমর্থন, জীৱনৰ পৰামর্শ’ ল’বলৈকে এআইৰ সুবিধা গ্রহণ কৰে৷ এই তথ্যৰ দ্বাৰা এটা কথা স্পষ্ট যে এআই সাম্প্রতিক সময়ত মানুহৰ ডিজিটেল বন্ধু ৷ কিন্তু এই ডিজিটেল বন্ধু কিমান ভাল, কিমান বেয়া তাৰ কিছু দিশ আলোচনা কৰাটো উচিত হ’ব৷ এআইৰ বেয়া দিশ নাই বুলিয়ে ক’ব পাৰি৷ এআইৰ প্রধান সমস্যাই হ’ল–এআই অত্যধিক ভাল৷ এআয়ে মানুহক ঠাট্টা নকৰে, প্রতিটো সময়ত সক্রিয় হৈ থাকে, যিকোনো পৰিস্থিতিত সদায় ইতিবাচক দিশেৰে কথাবোৰ কয়৷ গতিকে, এআইৰ সুবিধা গ্রহণ কৰি কৰি অসময়ত মানুহৰ মাজত দূৰত্ব বৃদ্ধি কৰিব বুলিও বহুতে সন্দেহ প্রকাশ কৰে৷ মুঠতে আমি বাস্তৱৰ পৰা আঁতৰি নহাকৈ এআই ব্যৱহাৰ কৰিলে, ই ব্যাধিলৈ ৰূপান্তৰিত নহয়৷ কিন্তু বাস্তৱৰ পৰা আঁতৰি আহিলে ই ব্যাধিলৈ ৰূপান্তৰ হ’ব৷ সেয়ে মানুহে এআইৰ সৈতে কথা পাতিলেও জীৱনটো মানুহৰ লগত থাকিব লাগিব৷ গতিকে, প্রয়োজনতকৈ অধিক এআইৰ ওপৰত নির্ভৰশীল নহ’ব৷

You might also like