নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা কাৰ্বি আংলঙৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাৰ্বি আংলঙৰ ফুলনিগাঁৱৰ পৰা জীৱিকাৰ সন্ধানত কেৰেলালৈ যাত্ৰা কৰা এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। মৃত যুৱকজন উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিগাঁৱৰ ৪৩ বছৰীয়া সমৰ বৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শনিবাৰে সমৰ বৰাই প্ৰথমে ডিফুলৈ গৈ তাতৰ পৰা ৰেলযোগে অকলে কেৰেলাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰাপথত পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আছিল যদিও মঙলবাৰৰ পৰা হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰাত উদ্বিগ্ন হৈ উঠে পৰিয়াল।

বুধবাৰে সমৰৰ মোবাইল ফোনত যোগাযোগ কৰাৰ পিছত এজন অজ্ঞাত ব্যক্তিয়ে পৰিয়ালক জনায় যে তামিলনাডুত ৰেলৰ পৰা পৰি সমৰৰ মৃত্যু হৈছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে। পিছত মৃতদেহৰ ফ’টো, আধাৰ কাৰ্ড আদি প্ৰেৰণ কৰাৰ পিছত সমৰৰ মৃত্যুৰ খবৰ নিশ্চিত হয়।

ঘটনাটোৰ খবৰ ইতিমধ্যে স্থানীয় আৰক্ষীয়েও পৰিয়ালক অৱগত কৰিছে। একমাত্ৰ উপাৰ্জনকাৰী সদস্যক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে সমৰৰ পৰিয়াল। কান্দোনত ভাগি পৰা পিতৃ-মাতৃ, পত্নী আৰু আত্মীয়স্বজনৰ একমাত্ৰ দাবী— সমৰৰ মৃতদেহ যাতে শীঘ্ৰে নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰে চৰকাৰে।

ইফালে, অন্য এক সূত্ৰে দাবী কৰা মতে, কোনো দুৰ্বৃত্তই সমৰ বৰাক তামিলনাডুত ৰেলৰ পৰা ঠেলি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। যদিও এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই। ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন হৈছে।

ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ ওচৰত সহায় বিচাৰিছে।

ডিজিটেল ডেস্ক, ১৪ মে’

You might also like