নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রিকেটৰ নতুন যুগৰ সূচনা : ‘অসম প্রিমিয়াৰ লীগ’ৰ ল’গ’-ট্রফী উন্মোচন মুখ্যমন্ত্রীৰ

নতুন ক্রীড়া বিপ্লৱৰ সূচনা কৰি গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামৰ ৯১ য়ার্ডছ ক্লাব অ’ডিটৰিয়ামত আয়োজন কৰা অনুষ্ঠানত চৰকাৰীভাৱে মুকলি কৰা হয় ৰাজ্যৰ ঘৰুৱা ক্রিকেটৰ সর্ববৃহৎ প্রতিযোগিতা ‘অসম প্রিমিয়াৰ লীগ’৷

এই ঐতিহাসিক ক্ষণত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লীগৰ চৰকাৰী ল’গ’, আকর্ষণীয় ট্রফী আৰু প্রতিযোগিতাত অংশ ল’বলগীয়া আঠোটা ফ্রেঞ্চাইজী দলৰ নাম আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ অবৈতনিক সম্পাদক দেৱজিত শইকীয়া৷ তদুপৰি, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, এপিএলৰ অধ্যক্ষ ৰাজদীপ ওজা আৰু ফ্রেঞ্চাইজীৰ স্বত্বাধিকাৰীসকল অনুষ্ঠানত উপস্থিত থাকে৷

আদৰণী ভাষণত ৰাজদীপ ওজাই কয় যে এপিএলে ৰাজ্যৰ উদীয়মান ক্রিকেটাৰসকলৰ বাবে এখন পেচাদাৰী আৰু দীর্ঘম্যাদী মঞ্চ প্রদান কৰিব৷ ক্রিকেটপ্রেমীসকলৰ বাবে আটাইতকৈ সুখবৰটো হৈছে যে লীগৰ মেচসমূহ ‘ষ্টাৰ স্প’ৰ্টছ’ চেনেলত পোনপটীয়া সম্প্রচাৰ কৰা হ’ব আৰু ‘জিঅ’হটষ্টাৰ’ এপযোগে সমগ্র দেশতে লাইভ ষ্ট্রীমিং কৰা হ’ব৷

প্রথম সংস্কৰণত অংশ ল’বলগীয়া আঠোটা দল হৈছে যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্রুগড় ৱাৰিয়র্ছ, বৰাক লিজেণ্ডছ, নগাঁও ৰেঞ্জার্ছ, বৰপেটা ব্রেভছ, গুৱাহাটী ৰয়েলছ আৰু চৰাইদেউ ছানৰাইজছ৷

এই শুভক্ষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ‘অসমৰ ৰাইজৰ হৃদয়ত ক্রিকেটৰ সুকীয়া স্থান আছে৷ অসম প্রিমিয়াৰ লীগে যুৱ প্রতিভাক নিজৰ দক্ষতা প্রদর্শন কৰাৰ উপযুক্ত সুযোগ দিব৷ মই নিশ্চিত যে অনাগত দিনত ই দেশৰ ভিতৰতে এটা অন্যতম প্রভাৱশালী ক্রিকেট লীগত পৰিণত হ’ব৷’

ডিজিটেল ডেস্ক, ২২ জুন

You might also like