সম্পাদকীয় : বর্ণবাদী বৈষম্য
সভ্যতাৰ অগ্রগতি কেৱল বাট–পথ, অট্টালিকা, উদ্যোগ, বাণিজ্য আদিয়েই নুসূচায়, মানুহৰ মানসিকতা এই অগ্রগতিৰ মূল সূচক৷ একবিংশ শতিকাৰ এই সময়তো পৃথিৱীৰ বিভিন্ন দেশৰ দৰে ভাৰততো বিভিন্ন পুৰণিকলীয়া ধ্যান–ধাৰণাই ব্যক্তি তথা সমাজ জীৱনৰ গভীৰলৈ শিপাই থকাটোৱে সভ্যতাৰ এক লজ্জাজনক স্থিতিকেই প্রকট কৰি তুলিছে৷ ধৰ্ম, গোষ্ঠীগত, ভাষিক আদি বিভিন্ন ধৰণৰ সংকীর্ণ চিন্তা–চর্চাই আমাৰ জনজীৱনক সময়ে সময়ে জোকাৰি যোৱাৰ দৰেই বর্ণবাদী ধ্যান–ধাৰণায়ো সমাজৰ চিন্তাশীল লোকসকলক নিশ্চয়কৈ উদ্বিগ্ণ কৰি তোলে৷ শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্রান্তত উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ প্রতি প্রদর্শন কৰা বর্ণবাদী সংকীর্ণতাই পুনৰ শুভবুদ্ধিসম্পন্ন লোকসকলক চিন্তিত কৰি তুলিছে৷ অৱশ্যে এই শেহতীয়া ঘটনাকেইটা দেশৰ অন্য প্রান্তৰ লোকসকলৰ এনে মানসিকতাৰ প্রথম প্রকাশ নহয়৷ ইতিপূর্বে এনে ঘটনা বহুবাৰ ঘটাৰ পিছতো আৰু বাৰে বাৰে এনে ঘটনাৰ বাবে তেনে মানসিকতাৰ লোকসকলক ধিক্কাৰ দিয়াৰ পিছতো অকণো সলনি নহ’ল এই লোকসকল৷ শেহতীয়াকৈ ত্রিপুৰাৰ ছাত্রজনক মৰিয়াই মৰিয়াই হত্যা কৰা, অৰুণাচলৰ ছোৱালী তিনিজনীক নির্যাতন চলোৱা, নাগালেণ্ডৰ চিকিৎসক মহিলাগৰাকীক আতিশয্য চলোৱাৰ যি ঘটনা সংঘটিত হ’বলৈ পালে, দেশৰ বাকী অংশৰ গণতান্ত্রিক চেতনাসম্পন্ন লোকসকলৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলৰে লোকসকলক স্তম্ভিত কৰি তুলিছে৷ উত্তৰ–পূর্বাঞ্চলৰ লোকসকলে বাৰে বাৰে এনে অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ফলত দেশৰ বাকী অঞ্চলৰ লোকসকলৰ প্রতি এক বিৰূপ মনোভাব সৃষ্টি হোৱাটোৱেই স্বাভাৱিক৷
নৃতাত্ত্বিকভাৱেই উত্তৰ–পূর্বাঞ্চলৰ সিংহভাগ লোকৰে দেহৰ গঠন মংগোলীয় হোৱা বাবেই এই অঞ্চলৰ লোকসকলক দেখিলেই চিংকী, ম’ম’, চাইনিজ আদি নাম দি ইতিকিং কৰি তেওঁলোকৰ মর্যাদা লঘু কৰিবলৈ চেষ্টা কৰাটোক সহজভাৱে ল’ব পৰা কথা নহয়৷ কেৱল ইতিকিঙতেই ক্ষান্ত থাকিলেও বাৰু বেলেগ কথা, এইধৰণৰ বর্ণবাদী সংকীর্ণতাই এনে পর্যায় পায়গৈ যে উত্তৰ–পূর্বাঞ্চলৰ পৰা দেশৰ বাকী অঞ্চললৈ শিক্ষা–দীক্ষা বা কর্মসূত্রে যাবলগীয়া হোৱা লোকসকলক আনকি হত্যা কৰিবলৈকো কুণ্ঠাবোধ নকৰে এইসকল লোকে৷ অতীজৰে পৰাই ভাৰতৰ বাকী অংশৰ সৈতে এটা সৌহার্দ্যপূর্ণ সম্পর্ক ৰক্ষা কৰি অহা আৰু দেশৰ স্বাধীনতা আন্দোলনতো বিশেষ বৰঙণি আগবঢ়োৱা উত্তৰ–পূর্বাঞ্চলৰ লোকসকলক দেশৰ বাকী অংশৰ লোকসকলে যদি এনে ব্যৱহাৰ কৰি থাকে, তেন্তে দেশৰ প্রতি থকা আত্মীয়তা সদায় টিকি থাকিব বুলি বুকুত হাত থৈ ক’ব পাৰিনে? দেশৰ বাকী অংশৰ লোকসকলৰ বেছিভাগেই উত্তৰ–পূর্বাঞ্চলৰ বিষয়ে সামান্য পৰিমাণেও জ্ঞাত নহয় বুলি ক’লেও নিশ্চয় ভুল কোৱা নহ’ব৷ ইয়াৰ বাবে অৱশ্যে তেওঁলোকক ষোল্ল অনাই দোষ দিব নোৱাৰি৷ স্বাধীনতাৰ পিছত দেশ শাসন কৰা চৰকাৰসমূহেই উত্তৰ–পূর্বাঞ্চলক মাহীআইৰ দৃষ্টিৰে চোৱা বুলি এটা অভিযোগ সততে শুনা যায়৷ সেইবাবেই দেশৰ বাকী অঞ্চলৰ তুলনাত উত্তৰ–পূর্বাঞ্চল আজিও অনগ্রসৰ৷ এই অঞ্চলটোৰ বাবে কিবা এটা বিচাৰিবলগীয়া হ’লেও আন্দোলন নকৰিলে নাপাই বুলি এটা ধাৰণা গজগজীয়া হৈ পৰিছিল৷ অঞ্চলটোৰ জনসাধাৰণৰ মনত এনে এটা ধাৰণা গঢ় লৈ উঠিবলৈ বাধ্য হোৱাৰ পৰিপ্রেক্ষিততে আজি বিদেশী ৰাষ্ট্রয়ো এই অঞ্চলটোক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি নিজৰ ভৌগোলিক সীমাত সুমুৱাই লোৱাৰ বাবে ষড়যন্ত্র ৰচিব পৰা হৈছে৷ ‘চিকেন নেক’ৰ ঠেক পৰিসৰক এটা সন্তোষজনক বিস্তৃতিলৈ নিয়াৰ বাবে ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধ কৰি স্বাধীন বাংলাদেশৰ জন্ম দিয়াৰ সময়তে বাস্তৱ পদক্ষেপ ল’ব পাৰিলেহেঁতেন৷ তাকো নকৰিলে৷
ভৌগোলিক স্থিতিৰ বাবেও হয়তো দেশৰ বাকী অংশৰ লোকসকলৰ মনত উত্তৰ–পূর্বাঞ্চলৰ প্রতি এটি আওকণীয়া মনোভাব সৃষ্টি হৈছে৷ উত্তৰ–পূর্বাঞ্চলক দেশৰ বাকী অংশৰ ছাত্র–ছাত্রীসকলৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে সংশ্লিষ্ট শিক্ষা ব্যৱস্থাত কোনোধৰণৰ দিহা কৰা নহয়৷ দেশৰ বাকী অংশৰ বহুতো সাধাৰণ লোকৰ মনত এই অঞ্চলটোক লৈ কোনো ধাৰণাই নাই আজিও৷ এয়া এক অবাঞ্ছিত সত্য৷ সেইবাবেই ইয়াৰ লোকসকলৰ দেহৰ অবয়ৱ দেখি ‘চীনা’ বুলি ধাৰণা পোষণ কৰে৷ একাংশই এনে লোকসকলক ভাৰতীয় বুলি হয়তো গণ্যই নকৰে৷ চীনৰ সৈতে ওচৰ চপা ভৌগোলিক অৱস্থান আৰু দেহাবয়ৱক লৈ এনে লোকসকলৰ এই নিকৃষ্ট মানসিকতাই দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ কাৰণ এটা সময়ত সমগ্র উত্তৰ–পূর্বাঞ্চলত বিচ্ছিন্নতাবাদী শক্তিসমূহে মূৰ দাঙি উঠিছিল একমাত্র এনে কিছু কাৰণতে৷ এতিয়া লাহে লাহে পৰিস্থিতি সলনি হ’বলৈ ধৰিছে৷ কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ প্রতি বিশেষ মনোযোগ দিয়া দেখা গৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ প্রতিভাধৰসকলে দেশ–বিদেশত কৃতিত্ব অর্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অঞ্চলটোৰ উন্নয়নৰ গতিও দ্রুত হৈছে৷ এনেবোৰ পৰিৱর্তনে অঞ্চলটোৰ জনসাধাৰণৰ মনত আস্থা আৰু একাত্মতাৰ ভাব সুদৃঢ় কৰি তুলিব পাৰে৷ কিন্তু তাৰ মাজতে যদি এনেবোৰ ঘটনা ঘটিয়েই থাকে, স্বাভাৱিকতেই অঞ্চলটোৰ জনসাধাৰণ হতাশ হৈ পৰাটো স্বাভাৱিক৷ শেহতীয়া ঘটনাৱলীৰ পৰিপ্রেক্ষিতত কিশোৰ–যুৱকসকলৰ মাজত ভাৰতৰ সৈতে আত্মীয়তাৰ বান্ধোন সোলোক–ঢোলোক হৈ পৰাৰ দৰে কিছুমান অবাঞ্ছিত মন্তব্য বিয়পি পৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত৷ এয়া কিন্তু এক অশনি সংকেত৷ ইতিমধ্যে এই ঘটনাৱলী সন্দর্ভত উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তত তীব্র প্রতিক্রিয়া দেখিবলৈ পোৱা গৈছে৷ তেনেদৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলেও ঘটনাক নিন্দা কৰি ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়া দেখা গৈছে৷ ঘটনাৰ সৈতে জড়িতসকলৰ একাংশক গ্রেপ্তাৰো কৰা হৈছে৷ হয়তো তেওঁলোকে কঠোৰ শাস্তিও পাব৷ কিন্তু সেয়া এটা নৈমিত্তিক কার্যব্যৱস্থাহে৷ মূল কথা হ’ল, মানসিকতাৰ পৰিৱর্তন৷ ভাৰতৰ বাকী অংশৰ লোকসকলৰ মাজত উত্তৰ–পূর্বাঞ্চল আৰু ইয়াৰ বাসিন্দাসকলৰ প্রতি শিপাই থকা বিৰূপ মনোভাবক আঁতৰ কৰিব পাৰিলেহে এই সমস্যাটোৰ আশু সমাধান হ’ব৷ তাৰ বাবে কেন্দ্রীয় চৰকাৰৰ লগতে বাকী ৰাজ্যসমূহৰ চৰকাৰসমূহে আৰু শুভচিন্তক লোকসকলে এক সন্মিলিত প্রয়াস চলাব লাগিব৷
উত্তৰ–পূর্বাঞ্চলক দেশৰ বাকী অংশৰ লোকসকলৰ সন্মুুখত আন্তৰিকতাৰে উপস্থাপন কৰিব পাৰিব লাগিব৷ বিভিন্ন ক্ষেত্রত দ্বিপাক্ষিক আদান–প্রদানৰ ব্যৱস্থা কৰিব লাগিব৷ জনসাধাৰণৰ মাজত সম্প্রীতিৰ ভাব জগাই তুলিব পাৰিলে এই ব্যৱধানটো কমি আহিব৷ তাৰ মাজতো কোনো দুষ্কৃতিকাৰীয়ে কিবা অঘটন কৰিব খুজিলেও সফল নহ’ব সাধাৰণ ৰাইজৰ আন্তৰিকতাত৷ সর্বোপৰি দেশৰ সামগ্রিক শিক্ষা ব্যৱস্থাত উত্তৰ–পূর্বাঞ্চল বিষয়ক বিশেষ পাঠ্যক্রমৰ ব্যৱস্থা কৰা উচিত, যাতে স্কুলীয়া পর্যায়তে ছাত্র–ছাত্রীৰ মাজত এটা ইতিবাচক ধাৰণা গঢ় লৈ উঠিব পাৰে৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰে তেনে এটি পদক্ষেপ লোৱাৰ কথা প্রকাশ কৰিছে যদিও এতিয়াৰ পৰিৱেশ–পৰিস্থিতিলৈ চাই ‘ধান পকে মানে টুনীৰ মৰণ’ যেনহে লাগিছে৷ তথাপি সকলো ধৰণৰ ইতিবাচক পদক্ষেপ নিশ্চয়কৈ আদৰণীয়৷ আটাইৰে সহযোগিতাত আজিৰ এই সংকীর্ণ বর্ণবাদী চিন্তাধাৰা এদিন নিশ্চয়কৈ আঁতৰি যাব বুলি আশা কৰিব পাৰি৷ তাৰ বাবে কিছু তাৎক্ষণিক পদক্ষেপ লোৱাৰো প্রয়োজনীয়তাক নুই কৰিব নোৱাৰি৷